অসম

assam

ETV Bharat / state

ৰাজপথত দাউদাউকৈ জ্বলিল চলন্ত বাছ

শিৱসাগৰৰ ৰাজপথত জ্বলিল চলন্ত যাত্ৰীবাহী বাছ ৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰিল বাছত থকা অৰ্ধ শতাধিক আৰোহী ৷ অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হোৱাৰ আগতেই প্ৰায় ভষ্মিভূত হৈ পৰে বাছখন ৷

ৰাজপথত দাউদাউকৈ জ্বলিল চলন্ত বাছ
ৰাজপথত দাউদাউকৈ জ্বলিল চলন্ত বাছ

By

Published : Feb 20, 2021, 5:00 PM IST

Updated : Feb 20, 2021, 6:59 PM IST

শিৱসাগৰ, 20 ফেব্ৰুৱাৰী : শিৱসাগৰ নগৰৰ সমীপৰ দিচাং-ৰজাবাৰীত চাঞ্চল্যকৰ ঘটনা । চলন্ত যাত্ৰীবাহী বাছত অগ্নি স‌ংযোগৰ ফলত সৃষ্টি হয় এক ভয়াবহ পৰিস্থিতিৰ । ডিব্ৰুগড়ৰ পৰা গোলাঘাট অভিমুখী AS 05 C 6564 নম্বৰৰ কনকজ্যোতি নামৰ যাত্ৰীবাহী বাছখনত দিচাং-ৰজাবাৰীৰ সমীপত অগ্নি স‌ংযোগ ঘটাৰ ফলত যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

গাড়ীৰ আইনা ভাঙি যিয়ে যিধৰণে পাৰে বাহিৰলৈ ওলোৱাৰ চেষ্টা কৰাত আঘাতপ্ৰাপ্ত হয় একাংশ লোক । ঘটনা ইমানে তাৎক্ষণিক আছিল যে একাংশ বয়োজেষ্ঠ লোকক দাঙি কথমপি বাহিৰলৈ নিবলৈ সক্ষম হৈছিল সহযাত্ৰী ।

ৰাজপথত দাউদাউকৈ জ্বলিল চলন্ত বাছ

আংশিক আঘাতপ্ৰাপ্তৰ বাদে আন বিশেষ হানি নহল যদিও বহু যাত্ৰীৰ মূল্যবান বস্তু বাছখনৰ লগত সম্পূৰ্ণ জাহ যায় । লগতে একাংশ যাত্ৰীৰ জৰুৰী নথি-পত্ৰ জুইত জাহ যায় ।

একাংশ যাত্ৰীয়ে সমগ্ৰ ঘটনা বাছচালক আৰু পৰিচালকৰ ভুলৰ বাবে সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে । বাছখন ডিমৌ পাওঁতে যান্ত্ৰিক বিজুতি ঘটি ডিজেল নিঃসৰিত হোৱা পৰিলক্ষিত হৈছিল যদিও বাছৰ চালক কৰ্মচাৰীয়ে ঘটনাটো জৰুৰীকালীন ভাৱে গ্ৰহণ নকৰি পুনৰ গাড়ী চলাই অহাৰ বাবে এই ভয়াবহ ঘটনা স‌ংঘটিত হোৱাৰ কথা কলে যাত্ৰী সকলে ।

বাছখনৰ জুই ইমানে ভয়ংকৰ আছিল যে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাৰ আগতেই বাছখনৰ অধিক অংশ ভষ্মিভূত হয় । অগ্নিনিৰ্বাপক বাহিনীয়ে বিশেষ ফ'ম ব্যৱহাৰ কৰি অৱশিষ্টখিনি জ্বলি যোৱাৰ পৰা ৰক্ষা কৰে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ...

Last Updated : Feb 20, 2021, 6:59 PM IST

ABOUT THE AUTHOR

...view details