শিৱসাগৰ 23 এপ্ৰিলঃশিৱসাগৰ জিলাত অব্যাহত আছে অবৈধ পাচলিৰ সৰবৰাহ ৰেড জ'ন অঞ্চলৰ পৰা অহা পাচলিৰে ভৰি পৰিছে বজাৰ ৷ কভিড 19 ভাইৰাছ ৰোগত আক্ৰান্ত সমগ্র বিশ্ব। ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলোৱে গ্ৰহণ কৰিছে প্ৰতিৰোধমূলক ব্যৱস্থা। চৰকাৰ-প্ৰশাসনে জাৰি কৰিছে নতুন নতুন নিৰ্দেশনা আনহাতে একাংশ অসাধু ব্যৱসায়িয়ে কিঞ্চিত লাভৰ আশাত উলংঘন কৰিছে চৰকাৰৰ নিয়ম- নিৰ্দেশনা।
শিৱসাগৰত জিলা প্ৰশাসনৰ চোৰাং পাচলি জব্দ
শিৱসাগৰত আটক অবৈধ শাক পাচলিৰ ব্যবসায়ী কলিয়াবৰ চামচুল হকৰ লগতে এজন স্থানীয় ব্যক্তিক প্ৰশাসনৰ ৷
অসমৰ জিলা সমূহক বিভিন্ন জ'নত ভাগ কৰা হৈছে বৰ্তমানে এজনো ৰোগী ধৰা নপৰা শিৱসাগৰ জিলাক ৰখা হৈছে গ্ৰীণ জ'নত। আনহাতে বিভিন্ন অঞ্চলৰ পৰা যাতে জিলাখনত এজনো ৰোগী প্ৰবেশ নকৰে বা সংক্ৰমনিত নহয় তাৰ বাবে জিলা প্ৰশাসনে বিভিন্ন ব্যৱস্থা হাতত লৈছে । জাৰি কৰিছে বিভিন্ন নীতি-নিৰ্দেশনা শিৱসাগৰ জিলালৈ পাচলি সৰবৰাহৰ ক্ষেত্ৰত প্ৰশাসনে কঠোৰ নিয়ম বান্ধি দি আন জিলাৰ পৰা পাচলি সৰবৰাহ বন্ধ কৰাৰ লগতে জিলাখনৰ ভিতৰত থলুৱা উৎপাদিত সামগ্ৰী বিক্ৰী আৰু বিতৰণৰ বাবে একাংশ ভেণ্ডৰক অনুমতি প্ৰদান কৰিছে। ইপিনে এনে নিয়ম-নীতি উলংঘা কৰি একাংশ অবৈধ ব্যৱসায়িয়ে অব্যাহত ৰাখিছে পাচলিৰ চোৰাং বেহা।
কলিয়াবৰৰ চামচুল হকে ৰংঘৰ চাৰি আলিৰ সমীপৰ ভাইটি ষ্টৰ‘ছ নামৰ এখন দোকানৰ তলত থকা গুদামত পাচলি সমূহ মজুত কৰি বিক্ৰী কৰি আহিছিল। চামচুলৰ সৈতে মইনা নামৰ এজন স্থানীয় লোকো জড়িত হৈ আছে চামচুলৰ সৈতে প্ৰশাসনৰ কোনো বৈধ অনুমতি নথকা সমূহ পাচলি জব্দ কৰি জিলা দণ্ডাধীশৰ আদেশ অমান্য কৰি চলোৱা অবৈধ বেহাৰ বিৰুদ্ধে ধাৰা ১৮৮ অধীনত এক গোচৰ ৰুজু কৰিছে। জিলা প্ৰশাসন,যোগান বিভাগ,আৰক্ষী আদিৰ অভিযানত এনে বহু অবৈধ বেপাৰ ধৰা পৰাৰ সম্ভাৱনা আছে।
লগতে পঢক ঃ মহানগৰীত চাদত জৈৱিক পাচলিৰ খেতি কৰা লোকজন