মৰাণ,12 আগষ্টঃ "ডঃ ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতি” নামৰ এখন সমিতি গঠন কৰি ২০১৩ চনতে মৰাণৰ তিলৈ দলঙৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে এটা জলাশয়ৰ মাজত কেইজনমান যুৱকে শিল্পী গৰাকীৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিছিল। আৰু তেতিয়াৰে পৰা বৰেণ্য শিল্পী গৰাকীৰ প্ৰতিমূৰ্তিটো ৰ'দ বৰষুণৰ লগতে নদীৰ বাঢ়নী পানীৰ মাজতেই অৱস্থিত হৈ আছে ।
সুধাকন্ঠক অপমানক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া
বিশ্ব বৰেণ্য শিল্পী তথা সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাক মৰণোত্তৰ ভাৱে প্ৰদান কৰা হ'ল দেশৰ সৰ্বশ্ৰেষ্ঠ সন্মান ভাৰত ৰত্ন । শিল্পীগৰাকীক এই সন্মান প্ৰদান কৰাত অসম বাসী আনন্দিত হৈ পৰাৰ সময়তে মৰাণত সুধাকণ্ঠৰ এটি প্ৰতিমূৰ্তি জলাশয়ৰ মাজত স্থাপন কৰি অপমান কৰাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
সুধাকন্ঠৰ একাংশ অনুৰাগীয়ে সমিতিখনৰ বিষয়ববীয়াক এই বিষয়ে কৈ আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই সমিতিয়ে । ইফালে সংবাদ মাধ্যমৰ ফালৰ পৰা সমিতিৰ সম্পাদক জনৰ মন্তব্য বিচৰাত তেওঁ সম্পূৰ্ণ দোষ মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক জাপি দিয়ে। তেওঁ জানিবলৈ দিয়া মতে ভূপেনদাৰ প্ৰতিমূৰ্তিৰ স্থান উন্নীত কৰিবৰ বাবে মৰাণৰ বিধায়কজনে এখন ৰাজহুৱা সভাত ১০ লাখ টকা দিম বুলি কৈ বৰ্তমানেও দিয়া নাই। যাৰ বাবে এই সমগ্ৰ ঠাইডোখৰ জলাশয় হৈ আছে ৷ আনহাতে সম্পাদকগৰাকীয়ে এই সন্দৰ্ভত বিভিন্ন পক্ষৰ সৈতে যোগাযোগ কৰিছে বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আনহাতে ভূপেন দাৰ প্ৰতিমূৰ্তিক কৰা এই অপমান সহজ ভাৱে ল'ব পৰা নাই অঞ্চলটোৰ সচেতন মহলে। এই সমগ্ৰ বিষয়টোৰ ওপৰত অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে সচেতন মহলে ।