শিৱসাগৰ, ৮ ছেপ্টেম্বৰ: কালজয়ী গীতৰে অসমৰ সংগীত জগত সমৃদ্ধ কৰা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ৯৫ সংখ্যক জন্ম বাৰ্ষিকী । ওপজা দিনটোত মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে । শিৱসাগৰবাসীয়েও স্মৰণ কৰিছে সুধাকণ্ঠক । বুধবাৰে দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত দৌলমুখ চাৰি আলিত সুধাকণ্ঠৰ ওপজা দিন পালন কৰা হয় ।
পুৱাই ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । লগতে কেক কাটি সকলোৱে ড০ ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী পালন কৰে । এই অনুষ্ঠানত জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাকে ধৰি কেইবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰে । ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰি সুধাকণ্ঠৰ স্মৃতি ৰোমণ্ঠন কৰে শিল্পীসকলে ।
ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধা নিবেদন কৰি গীত পৰিৱেশন কৰে চোনী টিভিত সম্প্ৰচাৰিত ৰিয়েলিটী শ্ব' চুপাৰ চিংগাৰৰ প্ৰতিযোগী হৰ্ষিত নাথে ।