অসম

assam

By

Published : Jun 9, 2020, 9:22 PM IST

ETV Bharat / state

শিৱসাগৰৰ আমগুৰিত আটক খাৰুৱা তেল চুৰিৰ বৃহৎ চক্ৰ

শিৱসাগৰ জিলাৰ আমগুৰিত খাৰুৱা তেলৰ চুৰি কাণ্ডৰ লগত জড়িত ৬টাকৈ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । গোপন সূত্ৰৰ পম খেদি আমগুৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই সোমবাৰে নিশা এক গোপন স্থানৰ পৰা আটক কৰিলে এই ৬টাকৈ দুৰ্বৃত্তক । ইফালে নামতি আৰক্ষীয়েও এই তেলচুৰি ঘটনাৰ লগত জড়িত ফিৰোজ শ্বাহ আৰু আহাদ আলি নামৰ আন দুজন যুৱককো সোধ পোছৰ বাবে আটক কৰিছে।

crude oil thief arrested sivsagar amguri
শিৱসাগৰৰ আমগুৰিত খাৰুৱা তেলৰ চুৰি কাণ্ড

আমগুৰি, ৯ জুন: শিৱসাগৰ জিলাৰ আমগুৰিত খাৰুৱা তেলৰ চুৰি কাণ্ডৰ লগত জড়িত ৬ টাকৈ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । গোপন সূত্ৰৰ পম খেদি আমগুৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই সোমবাৰে নিশা এক গোপন স্থানৰ পৰা আটক কৰিলে এই ৬টাকৈ দুৰ্বৃত্তক । আৰক্ষীৰ অভিযানত আটক মেলাচকৰ কৃষ্ণমণি কাকতি,নাজিৰা জটকীয়াৰ বেদব্ৰত গগৈ,যোৰহাট চোলাধৰাৰ পংকজ জ্যোতি শৰ্মা,জটকীয়া নাথগাঁৱৰ দিগন্ত নাথ,শিৱসাগৰ গৌৰৱ নগৰৰ তুলন সোণোৱাল আৰু মিছাজানৰ আলিমুদ্দিন আহমেদ। আৰক্ষীয়ে দুবৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা কৃষ্ণমণি কাকতিৰ AS-04X-6200 নম্বৰৰ এখন বলেৰু গাড়ী জব্দ কৰা লগতে পংকজ জ্যোতি শৰ্মাৰ গৃহৰ পৰা ৮টা তেলভৰ্তি আৰু ৫টা খালী ড্ৰাম জব্দ কৰে।

শিৱসাগৰৰ আমগুৰিত আটক খাৰুৱা তেল চুৰিৰ বৃহৎ চক্ৰ

ইফালে নামতি আৰক্ষীয়েও এই তেলচুৰি ঘটনাৰ লগত জড়িত ফিৰোজ শ্বাহ আৰু আহাদ আলি নামৰ আন দুজন যুৱককো সোধ পোছৰ বাবে আটক কৰিছে।

শিৱসাগৰৰ আমগুৰিত আটক খাৰুৱা তেল চুৰিৰ বৃহৎ চক্ৰ

উল্লেখ্য যে আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি খৰাগড় পথাৰত দীৰ্ঘদিনৰ পৰা তেল চুৰি কাণ্ড সংঘটিত হৈ আহিছিল। দুলীয়াজানৰ পৰা বিহাৰৰ বাৰাণসীলৈ সৰবৰাহ হোৱা খাৰুৱা তেলৰ পাইপ লাইনত ভেল্ভ বহুৱাই দীৰ্ঘদিনৰ পৰা তেল চুৰি কাণ্ড চলাই আহিছিল আটকাধীন দুবৃত্তৰ দলটোৱে । পাইপ লাইনত তেল বিৰিঙি থকা প্ৰত্যক্ষ কৰি অইলৰ কৰ্মচাৰীৰ জ্ঞাত হৈছিল তেল চুৰিৰ সবিশেষ অৱগত কৰিছিল আৰক্ষীক।

শিৱসাগৰৰ আমগুৰিত আটক খাৰুৱা তেল চুৰিৰ বৃহৎ চক্ৰ

ইতিমধ্যে তেলচুৰি চক্ৰটোক আটক কৰাৰ সমান্তৰালকৈ আমগুৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

For All Latest Updates

ABOUT THE AUTHOR

...view details