অসম

assam

ETV Bharat / state

শিৱসাগৰত ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু

মনিকাই যক্ষ্মা আৰু ৰক্তহীনতাৰ ৰোগত আক্ৰান্ত আছিল ।

COVID 19 PATIENT DEATH IN SIVASAGAR
শিৱসাগৰত ক'ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যু

By

Published : Jul 9, 2020, 8:57 AM IST

Updated : Jul 9, 2020, 12:53 PM IST

শিৱসাগৰ, 9 জুলাই :শিৱসাগৰ জিলাত ক'ভিড ১৯ ত আক্ৰান্ত হৈ বুধবাৰে মৃত্যু হয় এগৰাকী যুৱতীৰ ৷ মৃত যুৱতীগৰাকী শিৱসাগৰ জিলাৰ আমগুৰি জকাই পদুলি হালুৱাটিঙৰ মাণিকা ভূমিজ (19) বুলি জানিব পৰা হৈছে ৷ যোৰহাট মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মণিকাৰ ।

শিৱসাগৰত ক'ভিডত আক্ৰান্ত ৰোগীৰ মৃত্যু

বিগত ৩০ জুনত মণিকাৰ স্বাৱ টেষ্ট কৰা হৈছিল আৰু ৬ জুলাইত ক'ভিড ১৯ পজিটিভ নিশ্চিত কৰা হয় ৷ লগে লগে মনিকাক জয়সাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু তেওঁ স্বাস্থ্য অৱস্থা গুৰুতৰ হোৱাত ৭ জুলাইত যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।

মণিকা ক'ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা শিৱসাগৰ জিলাৰ প্ৰথম গৰাকী ৰোগী ৷ মনিকাই বহু আগৰ পৰা যক্ষ্মা ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল । যক্ষ্মাৰ লগতে ৰক্তহীনতাৰ ৰোগতো আক্ৰান্ত আছিল মনিকা ভূমিজ ।

লগতে পঢ়ক :ড্ৰাগছৰ বেজি দি কিশোৰীক হত্যা

Last Updated : Jul 9, 2020, 12:53 PM IST

ABOUT THE AUTHOR

...view details