শিৱসাগৰ, 23জুন :দেশত মহামাৰী কৰ’ণাৰ দ্বিতীয় লহৰে ভয়াৱহতাৰ সৃষ্টি কৰাৰ সময়তে ৰাজ্যতো কিছু জটিল হৈ পৰিছিল ক’ভিড পৰিস্থিতি ৷ তাৰ পৰিপ্ৰেক্ষিত ৰাজ্য চৰকাৰৰ লগতে স্বাস্থ্য বিভাগে তৎপৰতা গ্ৰহণ কৰি ৰাজ্যৰ চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ বাবে উঠি-পৰি লাগিছে ৷ বিশেষকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিশেষ ভূমিকা পালন কৰা দেখা গৈছে ৷
তাৰ মাজতে বুধবাৰে ক’ভিড-১৯ ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ শিৱসাগৰত অ’এনজিচি (ONGC) ৰ উদ্যোগত নিৰ্মাণ কৰা অত্যাধুনিক চিকিৎসালয়খন উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । উল্লেখযোগ্য যে, অএনজিচি (ONGC) অসম সম্পদৰ সামাজিক দায়বদ্ধতা শিতানত প্ৰায় ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসালয়ত মুঠ ৪০ খন বিচনা আছে । উত্তৰ-পূৱৰ ভিতৰত এক অত্যাধুনিক ক’ভিড চিকিৎসাকেন্দ্ৰ ৰূপে নিৰ্মাণ কৰা এই চিকিৎসালয়ৰ মুঠ ৪০ খন বিচনাৰ ভিতৰত ২০ খন অত্যাধুনিক সুবিধাৰ আইচিইউ (ICU) ব্যৱস্থা উপলব্ধ আছে ।
আনহাতে, ২০ খন বিচনাত অক্সিজেন প্ৰদান ব্যৱস্থা সংযুক্ত কৰাৰ লগতে ৰোগীৰ স্বাস্থ্যৰ অৱস্থা নিৰক্ষণ কৰিব পৰা সকলো যন্ত্ৰপাতিৰে সমৃদ্ধ হৈ আছে । বুধবাৰে অ’এনজিচি (ONGC) অসম সম্পদে এই ক’ভিড চিকিৎসালয়খনৰ শুভাৰম্ভ কৰি চাওলুং চ্যুকাফা চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ হাতত চমজাই দিয়ে । ইপিনে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ক’ভিড-১৯ ৰ এনে শংকাময় পৰিস্থিতিৰ সময়ত অ’এনজিচিৰ এনে কাৰ্যক শলাগ লোৱা দেখা যায় ।