অসম

assam

ETV Bharat / state

ছবি আঁকি উপাৰ্জন কৰা ধন বানাক্ৰান্তলৈ আগবঢ়ালে আমগুৰিৰ যুৱকে - কৰ'ণা আৰু বানৰ সংহাৰ

কৰ'ণা আৰু বানৰ সংহাৰৰ মাজতে ব্যতিক্ৰমী চিন্তাধাৰাৰে আগবাঢ়িছে আমগুৰিৰ এগৰাকী শিল্পী ৷ বানপানীত ক্ষতিগ্ৰস্ত লোকক সহায়ৰ বাবে শিল্পীগৰাকীয়ে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ ৷ আমগুৰিৰ স্বেচ্ছাসেৱী সংগঠন "সৃষ্টি" ৰ সহযোগত যুৱকজনে ৰূপায়ণ কৰা এই পদক্ষেপলৈ সঁহাৰি আগবঢ়াইছে বিভিন্নজনে ৷ কি এই বিশেষ পদক্ষেপ জানিবলৈ পঢ়ক.....

Artist Helping hand to flood effected people
বিশেষ ধৰণেৰে টকা উপাৰ্জন কৰি বানাক্ৰান্তলৈ সহায়ৰ হাত আমগুৰিৰ এগৰাকী শিল্পীৰ

By

Published : Jul 25, 2020, 2:11 PM IST

আমগুৰি,25 জুলাইঃ আমগুৰিত এজন শিল্পীৰ ব্যতিক্ৰমী চিন্তাধাৰা ৷ কৰ'ণা মহামাৰীৰ সমান্তৰালকৈ বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি ক্ষতিগ্ৰস্ত কৰা লোকক সহায়ৰ বাবে শিল্পীগৰাকীয়ে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ । আমগুৰিৰ স্বেচ্ছাসেৱী সংগঠন "সৃষ্টি" ৰ সহযোগত যুৱকজনে ৰূপায়ণ কৰা এই পদক্ষেপলৈ সঁহাৰি আগবঢ়াইছে বিভিন্নজনে ৷ নিজে চিত্ৰ অংকন কৰি বিক্ৰী কৰা ধনেৰে সহায় কৰিব বানপীড়িত লোকক ৷ শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ৫ নং ৱাৰ্ডৰ যুৱকজনৰ নাম নিতু দাস ৷ যুৱ শিল্পী নিতু দাসে যিকোনো ব্যক্তিৰ ছবি অংকন কৰি সেই ব্যক্তিয়ে প্ৰদান কৰা ধন বানপীড়িতক সহায় কৰিবৰ কাৰণে সংগ্ৰহ কৰিছে ৷

বিশেষ ধৰণেৰে টকা উপাৰ্জন কৰি বানাক্ৰান্তলৈ সহায়ৰ হাত আমগুৰিৰ এগৰাকী শিল্পীৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণসংযোগ বিভাগত অধ্যয়নৰত ছাত্ৰ নিতু দাসে অনুষ্ঠানিক শিক্ষা অবিহনে ৪/৫ বছৰ বয়সৰ পৰাই চিত্ৰ অংকন কৰি আহিছে। অভিনয় কৰি, জীৱ-জন্তুৰ মাত উলিয়াই ভাল পোৱা নিতু দাসে গুৱাহাটী, তিনিচুকীয়া, দিল্লী, বিহাৰকে ধৰি বিভিন্ন ঠাইত অভিনয় কৰি প্ৰশংসা বুটলিবলৈও সক্ষম হৈছে । সম্প্ৰতি কৃষক নেতা অখিল গগৈ, বিষ্ণু প্ৰসাদ ৰাভা, ড৹ ভূপেন হাজৰিকা, চাৰ্লি চেপলিন, হীৰেণ ভট্টাচাৰ্য, দিপলীনা ডেকা সহিত বহুজন সমাদৃত ব্যক্তিৰ চিত্ৰ অংকন কৰিছে ।আনহাতে কণ্ঠশিল্পী জুবিন গাৰ্গৰ এখন ছবি অসমীয়া, বাংলা আৰু হিন্দীৰ ৮৬৭ টা গীতৰ নামেৰে ছবি অংকন কৰিছে । ডিব্ৰুগড়ত বিশেষভাৱে সমাদৃত এজন ট্ৰেফিক আৰক্ষী যিজন চৰকাৰী নহয় সেই ব্যক্তিজনৰো চিত্ৰ অংকন কৰিছে শিল্পী নিতু দাসে । ইতিমধ্যে চিত্ৰ অংকন কৰি পাঁচ দিনত চাৰি হাজাৰ টকা সংগ্ৰহ কৰা নিতু দাসে আৰু বিশ দিনৰ ভিতৰত চিত্ৰ অংকন কৰি লাভ কৰা ধনেৰে বানপীড়িতক সহায় কৰিব বুলি জানিবলৈ দিছে।এইজন শিল্পীক আপোনাৰো এখন ছবি আকিবলৈ দি বানপীড়িতক সহায়ৰ বাবে বৰঙণি আগবঢ়াব পাৰিব। শিল্পীজনৰ৯৩৬৫২২১৯২১ হোৱাটছএপ নম্বৰত আপোনাৰ এখন ছবি প্ৰেৰণ কৰি বানপীড়িতৰ বাবে বৰঙণি আগবঢ়াব পাৰে। অধিক যোগাযোগৰ বাবে সৃষ্টি এন জি অ'ৰ ৭০০২২৫৮৫০০ নম্বৰত যোগাযোগ কৰিব পাৰে অথবা এচ বি আই আমগুৰি শাখাৰ একাউন্ট নম্বৰ৩৮৮১৬৮৪৩১৫৯ আৰু আই এফ চি এচ বি আই এন ০০১০৫৫২ নম্বৰত বৰঙণি জমা দিব পাৰে।

লগতে পঢ়কঃওপজা দিনত মহান কাম কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে

ABOUT THE AUTHOR

...view details