শিৱসাগৰ, 19, আগষ্ট: শিৱসাগৰৰ এগৰাকী উদীয়মান ৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈৰ দূৰৱস্থা । শিৱসাগৰ জিলাৰ জয়সাগৰৰ জাহিদ আলি আৰু ৰুমী বেগমৰ কন্যা ছিজা চাবৰিণ। অসমৰ লগতে অসমৰ বাহিৰত আৰ্চাৰী খেলৰ জৰিয়তে সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভেৰে সন্মান বুটলিবলৈ সক্ষম হৈছে ছিজা ছাবৰিণে ।
খেল জগতত বহু সফলতা লাভ কৰা খেলুৱৈ গৰাকীয়ে আৰ্থিক দুৰ্বলতাৰ বাবে খেল খেলি যোৱাত বাধাৰ সন্মুখীন হৈছে। সেয়েহে চৰকাৰলৈ সংবাদ মাধ্যমৰ জৰিয়তে সহায় বিচাৰি আহ্বান ছিজা চাবৰিণৰ।
অৰ্থৰ অভাৱত থমকি ৰৈছে এগৰাকী সম্ভৱনাময় ৰাষ্ট্ৰীয় খেলুৱৈ - নিম্ন মধ্যবিত্ত পৰিয়াল
অসমৰ লগতে অসমৰ বাহিৰত আৰ্চাৰী খেলৰ জৰিয়তে সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভেৰে সন্মান বুটলিবলৈ সক্ষম হৈছে ছিজা ছাবৰিণে ।
আৰ্থিক দুৰ্বলতাই অন্ধকাৰ নমাই আনিছে এগৰাকী সম্ভৱনা সম্পন্ন ৰাষ্ট্ৰীয় খেলুৱৈৰ জীৱনত
অন্যথা এই প্ৰতিভা সম্পন্ন খেলুৱৈ গৰাকী আগবাঢ়ি যোৱাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে আৰ্থিক দুৰ্বলতাই । যাৰ ফলত অসমে হেৰুৱাব লগা হ'ব পাৰে এগৰাকী প্ৰতিভা সম্পন্ন ৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ।
লগতে পঢ়ক : নগাঁৱৰ মুক্তিযোদ্ধালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান