অসম

assam

By

Published : Jun 30, 2020, 7:20 PM IST

ETV Bharat / state

শিৱসাগৰত জ্বলিল মুখ্যমন্ত্ৰী-জলসম্পদমন্ত্ৰীৰ প্ৰতিকৃতি

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত সৃষ্টি হোৱা গৰাখহনীয়া আৰু বান সমস্যা ৰোধ কৰাত জলসম্পদ বিভাগ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ ৷ বৰ্তমানলৈকে ৰাজ্যত বানৰ কৱলত পৰি প্ৰাণ হেৰুৱাইছে 24 গৰাকী লোকে ৷ ভিন্ন স্থানত প্ৰলয়ংকৰী বানে ছিঙি নিছে মথাউৰি ৷

aasu protest against govt in sivsagar
aasu protest against govt in sivsagar

শিৱসাগৰ, 30 জুন :ৰাজ্যত এতিয়া বানৰ বিভীষিকা ৷ বাৰিষা বলিয়া বানে বুৰাইছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ বানৰ কৱলত পৰি দিশহাৰা বন্যাৰ্ত ৷ বৰ্তমানলৈকে ৰাজ্যত বানৰ কৱলত পৰি প্ৰাণ হেৰুৱাইছে 24 গৰাকী লোকে ৷ ভিন্ন স্থানত প্ৰলয়ংকৰী বানে ছিঙি নিছে মথাউৰি ৷ যাৰ ফলত বানৰ প্ৰকোপ বৃদ্ধি পাইছে নৈ পৰীয়া অঞ্চলবোৰত ৷ যোৱাটো বৰ্ষত বানত বিধস্ত হোৱা মথাউৰিসমূহৰ পুনঃ নিৰ্মাণ অথবা মেৰামতিৰ বাবে জলসম্পদ বিভাগে ব্যৱস্থা কৰিছিল যদিও কৰ'ণা আতংকৰ ফলত ঘোষণা কৰা লক্ ডাউনে এই মেৰামতিত হেঙাৰ দিয়ে ৷

ৰাজ্যত বানৰ বিভীষিকা

লক্ ডাউন খোলাৰ অন্তত পুনৰ মথাউৰি মেৰামতিৰ কাম আৰম্ভ হয় যদিও খৰতকীয়াকৈ কাম সম্পূৰ্ণ কৰাৰ তাগিদাত বিসংগতপূৰ্ণভাৱে একাংশ মথাউৰি মেৰামতি কৰে বিভাগীয় ঠিকাদাৰে ৷ বিগত সময়চোৱাত বহু কেইটা স্থানৰ ৰাইজে এই অভিযোগ উত্থাপন কৰিছে ৷ আনহাতে, আন বহু কেইটা মথাউৰিৰ মেৰামতি আধৰুৱা হোৱাৰ ফলতো ৰাইজলৈ বিপদ নামিছে ৷ বিগত সময়চোৱাত খৰালিতেই কাম আৰম্ভ নকৰাৰ ফলত গৰাখহনীয়াৰ কৱলত পৰিছে ৰাজ্যৰ নৈ পৰীয়া অঞ্চলসমূহ ৷

শিৱসাগৰত জ্বলিল মুখ্যমন্ত্ৰী-জলসম্পদমন্ত্ৰীৰ প্ৰতিকৃতি

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত সৃষ্টি হোৱা গৰাখহনীয়া আৰু বান সমস্যা ৰোধ কৰাত জলসম্পদ বিভাগ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ ৷ মংগলবাৰে শিৱসাগৰ নগৰৰ দ'লমুখ চাৰিআলিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৱে । বান-খহনীয়া ৰোধৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ বাবে চৰকাৰক দাবী জনায় সংগঠনটোৱে ৷

লগতে পঢ়ক :অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা উচিত:প্ৰফুল্ল কুমাৰ মহন্ত

ABOUT THE AUTHOR

...view details