অসম

assam

নাজিৰাত চৰ্চাত "Mission egg-ঘৰে ঘৰে কুকুৰা"

By

Published : Aug 16, 2020, 10:29 PM IST

Updated : Aug 9, 2022, 6:28 PM IST

এই অভিযানৰ অংশ হৈ এতিয়া স্বাৱলম্বী হৈছে নাজিৰাৰ কেইবা শতাধিক পৰিয়াল ৷ ঘৰতে উৎপাদিত কণী আৰু কুকুৰা বিক্ৰীৰে স্বাৱলম্বী হৈছে বৃহত্তৰ নাজিৰাৰ বহু পৰিয়াল ৷

A self dependent mission Mission egg at Nazira
নাজিৰাৰ এক বিশেষ অভিযানঃ "Mission egg-ঘৰে ঘৰে কুকুৰা"

নাজিৰা, 16 আগষ্ট: বৰ্তমান অতিকৈ চৰ্চাত আছে শিৱসাগৰ জিলাৰ নাজিৰাৰ "Mission egg-ঘৰে ঘৰে কুকুৰা" শীৰ্ষক এটা বিশেষ অভিযানৰ নাম ৷ কাৰণ এই অভিযানে স্বাৱলম্বী কৰিছে নাজিৰাৰ কেইবা শতাধিক পৰিয়ালক ৷ কিন্তু কি এই "Mission egg-ঘৰে ঘৰে কুকুৰা" শীৰ্ষক অভিযান ? প্ৰকৃততে ঘৰতে কুকুৰা পোহী, ঘৰতে উৎপাদিত কণীৰে স্বাৱলম্বী হোৱা এটা বিশেষ অভিযানৰ নাম "Mission egg-ঘৰে ঘৰে কুকুৰা" ৷ এই অভিযানৰ অংশ হৈ এতিয়া স্বাৱলম্বী হৈছে নাজিৰাৰ কেইবা শতাধিক পৰিয়াল ৷ ঘৰতে উৎপাদিত কণী আৰু কুকুৰা বিক্ৰীৰে স্বাৱলম্বী হৈছে বৃহত্তৰ নাজিৰাৰ বহু পৰিয়াল ৷

দুটা বছৰৰ পূৰ্বে শিৱসাগৰ জিলাৰ নাজিৰাত সূচনা হৈছিল এক নতুন অৰ্থনৈতিক বিপ্লৱৰ ৷ বেচৰকাৰী সংগঠন ফেহুঁজালি আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নাজিৰা খণ্ড অভিযান পৰিচালনা শাখাৰ যৌথ উদ্যোগত সূচনা হৈছিল নিজক আত্মনিৰ্ভৰ কৰাৰ নতুন অৰ্থনৈতিক বিপ্লৱ ৷ যি বিপ্লৱে আজিৰ সময়ত স্বাৱলম্বী কৰিছে নাজিৰাৰ মহিলা সকলক ৷ সেই সময়ৰ নাজিৰা মহকুমাৰ মহকুমাধিপতি ৰাজীৱ থাপাই ঘৰে-ঘৰে গৈ “Mission Egg- ঘৰে ঘৰে কুকুৰা” শীৰ্ষক শ্লগানেৰে আৰম্ভ কৰিছিল আত্মনিৰ্ভৰশীল হোৱাৰ এই অভিযান ৷ এই অভিযানৰ অংশ হৈ আজি নাজিৰাত আত্মনিৰ্ভৰশীল হৈছে কেইবা শতাধিক পৰিয়াল ৷ উল্লেখনীয় যে, নাজিৰাৰ পৰা আৰম্ভ কৰা কণী উৎপাদনৰ এই আন্দোলনৰ সফলতাৰ আঁৰত আছে নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডাঃ জগদীশ বৰ্মন ৷

লগতে পঢ়কঃ2014 চনৰ 15 আগষ্টঃ আজিও উপেক্ষিত ভুক্তভোগী

Last Updated : Aug 9, 2022, 6:28 PM IST

ABOUT THE AUTHOR

...view details