অসম

assam

ETV Bharat / state

শিৱসাগৰত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰৰ গৌৰীসাগৰত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। ঋণ মাফ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।

শিৱসাগৰত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ
শিৱসাগৰত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Oct 9, 2020, 6:10 PM IST

আমগুৰি, ৯অক্টোবৰ: শিৱসাগৰৰ গৌৰীসাগৰত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল অৰ্ধ শতাধিক মহিলা । ঋণ মাফ কৰাৰ দাবীৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি আৰু নাৰী মুক্তিৰ কৰ্মকৰ্তাই । মাইক্ৰ'ফাইনেঞ্চৰ ঋণে গাঁৱৰ অৰ্থনীতি বিপদ মাতি অনাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।

মাইক্ৰ'ফাইনেঞ্চ কোম্পেনীয়ে ৰিজাৰ্ভ বেংকৰ কোনো ধৰণৰ নিৰ্দেশনা পালন নকৰাকৈ গাঁৱৰ দৰিদ্ৰ মহিলাসকলক অধিক সুদৰ হাৰত ঋণ প্ৰদান কৰাৰ অভিযোগ তোলে । ঋণৰ বোজা সহিব নোৱাৰি গাঁৱৰ মহিলাসকলে ঘৰ-ভেঁটি বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বহু পৰিয়ালে ঘৰ এৰি পলায়ন কৰিছে বুলিও প্ৰকাশ কৰে সংগঠনকেইটাৰ সদস্যই । উপায়হীন হৈ মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় মহিলা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

লগতে পঢ়ক:নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থাকোতে বড়োভূমিৰ নাম সলনি কৰাত ক্ষুব্ধ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details