অসম

assam

শিৱসাগৰত পুনৰ 31 জনৰ দেহত ক‘ভিড -19 পজিটিভ

By

Published : Jul 15, 2020, 2:53 PM IST

মঙলবাৰে নিশা অহা স্বাৱ পৰীক্ষাৰ ফলাফলত নতুনকৈ ৩১ গৰাকী লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

31-more-covid-19-positive-case-at-sivsagar
শিৱসাগৰত পুনৰ 31 জনৰ দেহত ক‘ভিড -19 পজিটিভ

শিৱসাগৰ,15জুলাইঃ শিৱসাগৰ জিলাত একেদিনাই নতুনকৈ ৩১ জন লোকৰ দেহত ক'ভিড-19 পজিটিভ ধৰা পৰিছে। মঙলবাৰে নিশা অহা স্বাৱ পৰীক্ষাৰ ফলাফলত নতুনকৈ ৩১ গৰাকী লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে এজনৰ বাদে আন সকলোৰে ভ্ৰমণ বৃতান্ত নাই। অৰ্থাৎ শিৱসাগৰত গণ সংক্ৰমণ আৰম্ভ হোৱা বুলি কব পাৰি ৷ ইয়াৰে তিনিজন ভাৰতীয় সেনা বাহিনীৰ জোৱান বুলি জানিব পৰা গৈছে। আন তিনিজন লোক পূৰ্বৰ পৰাই নগৰৰ ৫ নং ৱাৰ্ডত জ্যোতিপ্ৰসাদ আগৰৱালা পথত কন্টইনমেন্ট জ'ন ৰূপে চিহ্নিত হোৱা অপ্সৰা নামৰ কাপোৰ বিপণীৰ স্বত্বাধিকাৰী ৰাধেশ্যাম শৰ্মা আৰু পৰিয়ালৰ দুজন লোক বুলি জানিব পৰা গৈছে।

শিৱসাগৰত পুনৰ 31 জনৰ দেহত ক‘ভিড -19 পজিটিভ
ইয়াৰ লগে লগে জিলাখনত কৰ'না আক্ৰান্ত লোকৰ সংখ্যা ১১৫ ইয়াৰে ৭৬ গৰাকী সক্ৰিয় ৰোগী ৷ ইতিমধ্যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ১০০ ক‘ভিড ৰোগীৰ বিছনা সম্পূৰ্ণ ভৰ্তি হোৱাৰ দিশত। বিকল্প ব্যৱস্থাৰূপে জিলা প্ৰশাসনে কমিউনিটি স্বাস্থ্য কেন্দ্ৰ সমূহত সৰু সৰু গোট সমূহক ক‘ভিড ৱাৰ্ডলৈ পৰিৱৰ্তিত কৰিবলৈ চিন্তা কৰিছে। লগতে শিৱসাগৰ নগৰৰ আৰবান হেলথ চেণ্টাৰত আন এক ক‘ভিড ৱাৰ্ড স্থাপনৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে ।লগতে পঢ়কঃ শিৱসাগৰত একেদিনাই ৩১গৰাকী আক্ৰান্ত কৰ’ণা ভাইৰাছত

ABOUT THE AUTHOR

...view details