নলবাৰী,13 নৱেম্বৰ : সমাগত দীপাৱলীৰ প্ৰাকক্ষণত উপহাৰৰ বাবে বিশেষভাৱে সক্ষম শিশুৱে প্ৰস্তুত কৰিছে ৰং-বিৰঙৰ মৃৎ চাকি । নলবাৰীৰ গোপাল বজাৰস্থিত সাৰথি শিশু গৃহৰ একাংশ শিশুৱে তৈয়াৰ কৰি উলিয়াইছে এই চাকিসমূহ ৷
উল্লেখ্য যে,শিশু গৃহটোৰ উপদেষ্টা গীতিকা দত্ত শৰ্মাই ছ’চাইটি ফ’ৰ হিউমেন ডেভলপমেণ্টৰ সহযোগত 2008 চনত নিৰ্মাণ কৰিছিল এই শিশু গৃহটো ৷ বৰ্তমান উক্ত সাৰথি শিশু গৃহত 20 গৰাকী শিশু থকা বুলি জানিব পৰা গৈছে ৷
সাৰথি শিশু গৃহত পঢ়া-শুনাৰ উপৰিও নৃত্য-গীত,চিত্ৰাংকণ, শাৰীৰিক চৰ্চা, কাপোৰ চিলোৱা আদি প্ৰশিক্ষণ দিয়া হয় ৷ লকডাউনৰ সময়ত ইয়াৰ মাজৰ তিনিগৰাকী শিশুৱে জুমৰ জৰিয়তে হোৱা ৰাজ্যিক ভিত্তিত প্ৰতিযোগিতাত অংশ লৈ বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ লগতে ৰাজ্যিক পৰ্যায়ৰ বিশেষ অলিম্পিকত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে সাৰথিৰ শিশুসকলে ৷
শিশুসকলে প্ৰস্তুত কৰা চাকিসমূহ নলবাৰী জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে একাংশ ব্যক্তিৰ মাজত দীপাৱলীৰ উপহাৰ হিচাপে প্ৰদান কৰা হৈছে ৷
লগতে পঢ়ক :ডিব্ৰুগড়ৰ এশ বছৰ পূৰণি এখন মাটিৰ চাকিৰ বজাৰ