অসম

assam

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 2:02 PM IST

ETV Bharat / state

পঞ্চায়ত প্ৰতিনিধি আৰু CRCC ৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নলবাৰীৰ শিয়ালমাৰী চৰত পঞ্চায়ত সভাপতি আৰু CRCC আনোৱাৰ হুছেইনৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ । ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি ধনৰ বিনিময়ত বিদ্যালয়ৰ পৰিচালনা সমিতি গঠনৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিজনৰ বিৰুদ্ধে । চৰকাৰী নীতি নিৰ্দেশনাৰে পৰিচালনা সমিতি গঠন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান অভিভাৱকৰ ।

Protest Against Nalbari CRCC and Panchayat President in nalbari
পঞ্চায়ত প্ৰতিনিধি আৰু CRCC ৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

পঞ্চায়ত প্ৰতিনিধি আৰু CRCC ৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

নলবাৰী, 13 ডিচেম্বৰ: নলবাৰীৰ জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চলত ৰাজনৈতিক নেতাৰ ক্ষমতাৰ বাহুবল চলাৰ অভিযোগ উত্থাপন হৈছে । চৰকাৰী বিধি উলংঘা কৰি আৰু ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি কুৰিহামাৰী চৰৰ কলতুলি প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে । পঞ্চায়ত সভাপতি হাফিজুৰ ৰহমান আৰু CRC আনোৱাৰ হুছেইনে সভাপতি পদৰ প্ৰাৰ্থী মঞ্জুল হকৰ পৰা ধন লোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে খুদ ভুক্তভোগীয়ে ।

যাৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত সভাপতি হাফিজুৰ ৰহমান আৰু কুৰিহামাৰী বি মণ্ডল সমল কেন্দ্ৰ সমন্বয় আনোৱাৰ হুছেইনৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । চৰকাৰী বিধি উলংঘাৰে পৰিচালনা সমিতি গঠন কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি পঞ্চায়ত সভাপতি আৰু CRCC ৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অভিভাৱকসকলে ।

জানিব পৰা মতে, যোৱা 16 নৱেম্বৰত বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কুৰিহামাৰী কলতুলি প্ৰাথমিক বিদ্যালয়ত পৰিচালনা সমিতি গঠন কৰা সন্দৰ্ভত এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু সভাপতি পদৰ প্ৰাৰ্থী মঞ্জুল হকৰ সমৰ্থক বেছি থকাৰ বাবেই ধনৰ লালসাত সভাখনৰ সভাপতি হাফিজুৰ ৰহমান আৰু CRCC য়ে নাটকীয়ভাৱে কমিটী গঠন নকৰি সভাখন ভঙ্গ বুলি ঘোষণা কৰিছিল । প্ৰধান শিক্ষক ভদ্ৰকান্ত শইকীয়া, পঞ্চায়ত সভাপতি হাফিজুৰ ৰহমান আৰু CRC আনোৱাৰ হুছেইনে চৰকাৰী বিধি উলংঘা কৰি গোপনীয়ভাৱে ইজাজুল হকক পৰিচালনা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে বিদ্যালয়ৰ অভিভাৱকসকলে ।

ইতিমধ্যে মঞ্জুল হকে বৰক্ষেত্ৰী শিক্ষা খণ্ডত আৰু জিলা মিছন সমন্বয়ক এই সন্দৰ্ভত এক লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে । চৰকাৰী নীতি নিৰ্দেশনাৰে পৰিচালনা সমিতি গঠন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান অভিভাৱকৰ ।

ঘটনা তথা অভিযোগ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।

লগতে পঢ়ক:শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি, ৰোগীৰ পৰিয়ালক চিকিৎসকৰ অশালীন ব্যৱহাৰৰ অভিযোগ

ABOUT THE AUTHOR

...view details