নলবাৰী, 23 জানুৱাৰী : চৰকাৰী ধনৰ অপব্যয় কৰি বিজেপিয়ে আয়োজন কৰিছে বিজয় সংকল্প সমাৰোহ । ২৫০ লাখ মানুহ আনিবলৈ কমেও ৪ হাজাৰখন বাছ আৰু ১৫ হাজাৰখনৰো অধিক সৰু গাড়ীৰ প্ৰয়োজন হ'ব ৷ নহ'লে ২৫০ লাখ মানুহৰ সমাগম হোৱাটো কেনেকৈ সম্ভৱ ৷
২৪ জানুৱাৰীত নলবাৰীৰ কেন্দুকুছিত বিজেপিয়ে আয়োজন কৰা বিজয় সংকল্প সমাৰোহৰ প্ৰাক মূহুৰ্তত এক সংবাদমেল সম্বোধন কৰে নলবাৰী জিলা কংগ্ৰেছ কমিতিয়ে ৷ নলবাৰী জিলা ৰাজীৱ ভৱনত আয়োজন কৰা সংবাদ মেলতে এই অভিযোগ তোলে নলবাৰী জিলা কংগ্ৰেছ কমিতিয়ে ৷
সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখাপাত্ৰ দূৰ্গা দাস বড়োৱে সংবাদিকক সম্বোধন কৰি কয়, বিজেপিয়ে ঋণৰ টকাৰে এই বিজয় সংকল্প সমাৰোহৰ আয়োজন কৰিছে ৷ ৮০ হাজাৰ কৌটিৰো অধীক ঋন বোজা দেশৰ জনতাৰ ওপৰত বিজেপি চৰকাৰে জাপি দিছে বুলি মন্তব্য প্ৰকাশ কৰে দূৰ্গা দাস বড়োৱে।