অসম

assam

ETV Bharat / state

আৰক্ষী থানাৰ সমুখৰ পৰাই চিলনী চোৰে কাঢ়িলে মহিলাৰ ধনৰ মোনা

নলবাৰীত বৃদ্ধি পাইছে চিলনী চোৰৰ আতংক ৷ চহৰৰ মাজমজিয়াস্থিত ভাৰতীয় ষ্টেট বেংকৰ নলবাৰী শাখাৰ পৰা ধন উলিয়াই গৃহাভিমুখী হওতেই মাতৃ-কন্য়াক আক্ৰমণ কৰি ধন লুটি নিয়ে চিলনী চোৰে ৷

loot at nalbari assam etv bharat news
ধন লুট

By

Published : Oct 1, 2020, 6:54 PM IST

Updated : Oct 1, 2020, 7:11 PM IST

নলবাৰী,1 অক্টোবৰ: নলবাৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস ৷ বিগত কেইদিনমানৰ পৰা চহৰৰ মাজমজিয়াতে সংঘটিত হৈছে এনেধৰণৰ কেইবাটাও ঘটনা ৷ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা এনে অপৰাধমূলক কাৰ্যৰ পিছতো নলবাৰী আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনোধৰণৰ সুৰক্ষা ব্যৱস্থা ৷ কিছুদিনপূৰ্বে নলবাৰী চহৰৰ মাজমজিয়াস্থিত এন টি ৰোডত এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি নিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰায় বৃহস্পতিবাৰে সংঘটিত হয় ধন লুটৰ ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চহৰৰ সোঁ-মাজত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ নলবাৰী শাখাৰ পৰা ধন উলিওৱাৰ উদ্দেশ্যে বৰমাৰ পৰা আহিছিল মাতৃ-কন্যা ৷

এই মাতৃ-কন্যাই বেংকৰ পৰা প্ৰায় দুই লক্ষাধিক টকা উলিয়াই ঘৰলৈ যাব ধৰোতে বাইকত অহা দুৰ্বৃত্তই ধনখিনি কাঢ়ি লৈ উধাও হয় ৷ ইফালে দুৰ্বৃত্তৰ আকস্মিক আক্ৰমণত স্কুটীৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মাতৃ-কন্যা ক্ৰমে হিমাশ্ৰী স্বৰ্গীয়াৰী আৰু উৰ্মিলা স্বৰ্গীয়াৰী ৷ আহত হিমাশ্ৰীক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে, হিমাশ্ৰী স্বৰ্গীয়াৰীৰ বিবাহৰ বাবে বেংকৰ পৰা ধন উলিয়াবলৈ আহি এনে অবাঞ্চিত ঘটনাৰ সন্মুখীন হয় মাতৃ-কন্যা ৷ ঘটনা প্ৰসংগত ভুক্তভোগী পৰিয়ালটোৱে নলবাৰী সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷

ভাৰতীয় ষ্টেট বেংক নলবাৰী শাখা

নলবাৰী সদৰ থানাৰ প্ৰায় সন্মুখতে অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ এই শাখাত পূৰ্বেও সংঘটিত হৈছে এনেধৰণৰ ঘটনা ৷ কিন্তু ইয়াৰ পিছতো অপৰাধমূলক কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰিব পৰা নাই সদৰ আৰক্ষীয়ে ৷ নিৰাপত্তাৰ নামত কেতিয়াবা মাত্ৰ চহৰখনত তালাচী চলোৱা নলবাৰী সদৰ আৰক্ষীয়ে কিন্তু আজিপৰ্যন্ত কোনোধৰণৰ অপৰাধমূলক কাৰ্য-কলাপ ৰোধৰ ক্ষেত্ৰত কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ ফলত চহৰখনত উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে চিলনী চোৰৰ লগতে বিভিন্নধৰণৰ অপৰাধমূলক কাৰ্য ৷

লগতে চাওকঃছাত্ৰ-ছাত্ৰীৰ নাম তালিকাত ষাঠি বছৰীয়া লোকৰ নাম

Last Updated : Oct 1, 2020, 7:11 PM IST

ABOUT THE AUTHOR

...view details