নলবাৰী, 14 আগষ্টঃ নলবাৰীৰ নমাটিৰ স্বাধীনতা সগ্ৰামী,শিল্পী পৰীক্ষিত পাঠকৰ পত্নী পদুমী পাঠক এতিয়া শয্যাগত ৷ স্বামীৰ মৃত্যুৰ 21 বছৰ পিছতো নাপালে শিল্পী পেঞ্চনৰ ধন ৷
নলবাৰীৰ টিহুৰ সমীপৰ নিজ-নমাটি গাঁৱৰ স্বাধীনতা সগ্ৰামৰ লগত জড়িত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শিল্পী পেঞ্চন প্ৰাপক আজন্ম শিল্পীৰ দুৰ্ভগীয়া পত্নীয়ে বিগত 22 বছৰে প্ৰাপ্য শিল্পী পেঞ্চনৰ ধনৰ পৰা বঞ্চিত হ'ব লগা হৈছে । বছৰৰ পিছত বছৰ ধৰি স্বামীৰ পেঞ্চনৰ ধন কেইটাৰ বাবে ৰৈ ৰৈ ভাগৰিছে পৰিছে একালৰ স্বাধীনতা সংগ্ৰামী নেতা,বিশিষ্ট শিল্পী,সংগীত পৰিচালক তথা এসময়ৰ যাত্ৰা পাৰ্টী দলৰ বলিষ্ট অভিনেতা প্ৰয়াত পৰিক্ষিত বৰ্মনৰ পত্নী পদুমী পাঠকে ।
পাহৰণিৰ গৰ্ভত স্বাধীনতা সংগ্ৰামী পৰীক্ষিত পাঠকৰ পত্নী
নলবাৰীৰ টিহুৰ সমীপৰ নিজ-নমাটি গাঁৱৰ স্বাধীনতা সগ্ৰামৰ লগত জড়িত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শিল্পী পেঞ্চন প্ৰাপক আজন্ম শিল্পীৰ দুৰ্ভগীয়া পত্নীয়ে বিগত 22 বছৰে প্ৰাপ্য শিল্পী পেঞ্চনৰ ধনৰ পৰা বঞ্চিত হ'ব লগা হৈছে
21 বছৰে শিল্পী পেঞ্চনৰ পৰা বঞ্চিত পদুমী পাঠক
উল্লেখ্য যে, কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ শিতানত সংগীত কলা চৰ্চা সাধনাত ব্ৰতী থাকি সাংস্কৃতিৰ ক্ষেত্ৰখনলৈ বৰঙনি আগবঢ়োৱাৰ স্বীকৃতি হিচাপে 1986 চনত স্বনামধন্য শিল্পীজনে শিল্পী পেঞ্চন লাভ কৰিছিল যদিও 1995 চনৰ পৰা বৰ্তমানলৈকে অনাদায়ে হৈ থাকিল শিল্পী গৰাকীৰ পেঞ্চন । চৰকাৰৰ অ-মনোযগিতা আৰু অৱহেলাৰ বাবে শিল্পী গৰাকীৰ পেঞ্চনৰ ধন আৰু পত্নী পদুমী পাঠকে ২২ বছৰে লাভ নকৰিলে পেঞ্চনৰ ধন ৷