নলবাৰী, 28 নৱেম্বৰ : ভেজাল হৃদয়ৰ সংগীৰ পৰা প্ৰেমত প্ৰতাৰণা লাভ কৰা প্ৰেমিক-প্ৰেমিকা আপুনি দেখিছে ৷ বজাৰৰ ভেজাল সামগ্ৰী খাই বেমাৰত পৰা মানুহো আপুনি দেখিছে ৷ ভেজাল সোণৰ অলংকাৰ বনাই দি গ্ৰাহকক ৰাম ঠগন দিয়া বেপাৰীও আপুনি দেখিছে ৷ ব্ৰেণ্ডেড ঘড়ীৰ পৰা আপুনি পিন্ধা জোতা জোৰলৈকে ভেজাল বস্তু ক্ৰয় কৰিব লগীয়া হোৱাৰ চিন্তা হয়তো আপুনি প্ৰায়েই কৰিছে ৷
মুঠৰ ওপৰত সকলোতে হয় ভেজাল ৷ এনে সময়তে, এইবাৰ সমুখলৈ আহিছে অসমতে থাকি ভেজাল প্ৰসাধন সামগ্ৰী নিৰ্মাণ কৰি চমক দিয়া এজন লোকৰ কথা(Fake Cosmetics product maker in Assam) ৷ এই সমগ্ৰ ঘটনাৰ কেন্দ্ৰবিন্দু নলবাৰীৰ নাৰায়ণপুৰৰ কহিনুৰ , কহিনুৰ হীৰাৰ দৰে উজ্জল নহ’লেও ভেজাল সামগ্ৰী নিৰ্মাণৰ বিদ্যাত প্ৰসিদ্ধ কহিনুৰ আলী ৷
খবৰ অনুসৰি দীৰ্ঘ সময় ধৰি নিজৰ গোহালি ঘৰতে অবৈধভাৱে কহিনুৰে প্ৰস্তুত কৰি আহিছিল ভেজাল বৰ’প্লাছ (Kahinoor Ali was indulged in producing fake cosmetics ) ৷ পিছে কামত নিপুন হ’লেও কপালখন হে বৰ এটা ভাল নাছিল কহিনুৰৰ ৷ শেহতীয়াকৈ, আৰক্ষীৰ এক অভিযানত ওলাই পৰিল কহিনুৰৰ শিল্প কৰ্মৰ নমুনা ৷