নলবাৰীত বানপিড়িতৰ মাজত সাহাৰ্য বিতৰণ প্ৰশাসনৰ - distribution
নলবাৰী জিলাৰ অধিক অঞ্চল বৰ্তমান বাঢ়নী পানীৰ কৱলত পৰিছে । জিলাখনৰ প্ৰায় 44 গাঁও বাঢ়নী পানীৰ কৱলত পৰিছে ।
13 জুলাইঃ নলবাৰী জিলাৰ অধিক অঞ্চল বৰ্তমান বাঢ়নী পানীৰ কৱলত পৰিছে । জিলাখনৰ প্ৰায় 44 গাঁও বাঢ়নী পানীৰ কৱলত পৰিছে । আনহাতে বাঢ়নী পানীৰ কৱলত পৰা অঞ্চলত মুঠ 11 টাকৈ সাহাৰ্য শিৱিৰ স্থাপন কৰিছে জিলা প্ৰশাসনে। নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰিয়হতলীত বানভৱন হাইস্কুলত আশ্ৰয় শিবিৰ খোলা হৈছে৷ আশ্ৰয় শিবিৰ টোত বাঢ়নী পানীৰ কবলত পৰা প্ৰায় ১৩০ টাকৈ অধিক পৰিয়ালে আশ্ৰয় লৈ আছে । এই শিবিৰটোত জিলা প্ৰশাসনৰ তৰফৰ পৰা কিছু পৰিমাণে সাহাৰ্য বিতৰণ কৰা হৈছে৷ ইয়াৰ লগতে পশু ধনৰ বাবেও খাদ্য যোগান ধৰিছে প্ৰশাসনে৷