নলবাৰী, 11 ডিচেম্বৰ :উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন চমুকৈ নেছ'ৰ আহ্বানত শনিবাৰে সমগ্ৰ অসমত কা' প্ৰত্যাহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই ক'লা দিৱস পালন কৰে(AASU observed black day against CAA) ৷ সেই অনুসৰি, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী চহৰত ক'লা পতাকা উৰুৱাই কা'ৰ প্ৰত্যাহাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ( Nalbari AASU protest against CAA) ৷
উল্লেখ্য যে, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইন 2019 প্ৰত্যাহাৰৰ দাবীত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰিয়াজউদ্দিন আহমেদ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল কলিতা, সহকাৰী সম্পাদক নিৰুজউদ্দিন আহমেদ লগতে গৌতম বেজবৰুৱা আদি উপস্থিত থাকে ৷
উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায়, কা' বাতিল কৰিব লাগিব আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদী সাব্যস্ত কৰে ৷