অসম

assam

By

Published : Sep 15, 2020, 6:46 PM IST

ETV Bharat / state

নগাঁৱত কংগ্ৰেছত যোগদান শতাধিক ছাত্ৰ-ছাত্ৰীৰ

2 অক্টোবৰৰ পৰা নগাঁৱত বন্ধ হ’ব বিজেপিৰ প্ৰলোভনৰ ৰাজনীতি ৷ এই মন্তব্য কংগ্ৰেছ নেতা ডাঃ দুৰ্লভ চমুৱাৰ । 830 টকীয়া আঁচনিৰ প্ৰলোভনেৰে বিজেপিয়ে দলটোত সদস্য ভৰ্তি কৰে বুলি অভিযোগ উত্থাপন চমুৱাৰ ৷

Youth joining in congress nagaon assam etv bharat news
কংগ্ৰেছত যোগদান শতাধিক ছাত্ৰ-ছাত্ৰীৰ

নগাঁও,15 ছেপ্তেম্বৰ:সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে সদস্যভৰ্তি অভিযান ৷ ৰাজনৈতিক দলসমূহে সদায়ে গুৰুত্ব আৰোপ কৰি আহিছে নৱপ্ৰজন্মৰ ভোটাৰৰ ওপৰত ৷মঙলবাৰে নগাঁৱত এনএছইউআই-ৰ উদ্যোগত কংগ্ৰেছত যোগদান কৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে । নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত দলটোৰ ভাতৃ সংগঠন এনএছইউআই-ৰ সদস্যভৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ লগতে অন্যান্য দলীয় কৰ্মীসকলে ৷

কংগ্ৰেছত যোগদান শতাধিক ছাত্ৰ-ছাত্ৰীৰ

উক্ত দলীয় সদস্য ভৰ্তি অনুষ্ঠানৰ পিছতে এক সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই ৷ চমুৱাই শাসকীয় দলৰ বিজেপি চৰকাৰক মিছলীয়াৰ চৰকাৰ আখ্যা দি চৰকাৰখনৰ শাসনৰ বাবে সাধাৰণ লোকসকল অতিষ্ঠ হোৱা বুলি ব্যক্ত কৰে ৷ যাৰ বাবে দলটোত খহনীয়াৰ সৃষ্টি হৈছে ৷ বিজেপিয়ে 830 টকীয়া আঁচনিৰ প্ৰলোভনেৰে অগপ তথা অন্যান্য দলৰ কৰ্মীসকলক বিজেপিত যোগদান কৰিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

লগতে চাওকঃক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

ABOUT THE AUTHOR

...view details