অসম

assam

ETV Bharat / state

মন্ত্ৰী কেশৱ মহন্তৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন

বান পীড়িতৰ সমস‍্যাৰ বুজ ল'লে জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই বৰঘূলীত ৷ বৰঘূলীৰ গৰাখহনীয়া ৰোধৰ বাবে জিঅ'বেগ আঁচনি ঘোষণা জল সম্পদ মন্ত্ৰীৰ ৷

water-resource-minister-visited-flood-affected-area-of-borghuli
জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন

By

Published : Jul 17, 2020, 3:02 PM IST

কলিয়াবৰ,17 জুলাইঃ শনিবাৰে কলিয়াবৰৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ,তথ্য প্ৰযুক্তি আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰৰ বৰঘূলী আৰু চামগুৰিৰ ভূৰবন্ধা অঞ্চলত অব্যাহত থকা ব্ৰহ্মপুত্ৰ নদীৰ গঢ়াখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।

জল সম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৰাখহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন

বিগত সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱা বৰঘূলী কৃষি বান্ধটো পুণৰ নিৰ্মাণৰ লগতে খৰালি কালত গৰাখহনীয়া ৰোধৰ বাবে জিঅ'বেগৰ কামৰ জৰিয়তে বৃহত্তৰ অঞ্চলটি ৰক্ষা কৰা হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী কেশৱ মহন্তই।

লগতে পঢ়কঃ বাঢ়নী পানী শুকুৱাৰ পাছতে মূৰে কপালে হাত দিছে কৃষকে

For All Latest Updates

ABOUT THE AUTHOR

...view details