নগাঁও, 20 এপ্ৰিলঃযিটো সময়ত ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়িছে এটাৰ পিছত আন এটা ৱেব প'ৰ্টেল,তাৰ সমান্তৰালভাৱে দৌৰাত্ম্য বাঢ়িছে একাংশ ৱেব প'ৰ্টেলৰ সাংবাদিক নামধাৰীৰ টিঘিলঘিলনি ৷ সাংবাদিকৰ পৰিচয় পত্ৰ পাই বলিয়ান হৈ একাংশই চলাই আহিছে অনৈতিক কাৰ্য-কলাপৰ লগতে ড্ৰাগছৰ দৰে নিষিদ্ধ বেহা ৷ এনে এক ঘটনা পোহৰলৈ আহিছে নগাঁৱত ৷ এটা ৱেব প'ৰ্টেলৰ সাংবাদিক হিচাপে নিজকে চিনাকি দিয়া ৰাজা বৰাই সাংবাদিকৰ পৰিচয় পত্ৰৰ জৰিয়তে চলাই আহিছিল ড্ৰাগছৰ বেহা ৷
নগাঁৱত আটক সাংবাদিক নামধাৰী ড্ৰাগছ সৰবৰাহকাৰী
সাংবাদিকৰ পৰিচয় পত্ৰ পাই বলিয়ান হোৱা একাংশ ভুৱা সাংবাদিকৰ অনৈতিক কাৰ্য-কলাপ ৷ ড্ৰাগছৰ দৰে নিষিদ্ধ বেহাত জড়িত সাংবাদিক নামধাৰীক উত্তম-মধ্যম গাওঁৰক্ষী বাহিনীৰ ৷
লক ডাউনৰ সময়তে দেওবাৰে নিশা সাংবাদিক নামধাৰী ৰাজা বৰাক নিচাষক্ত অৱস্থাত ড্ৰাগছসহ হাতে-লোটে নগাঁৱৰ চলচলিত গাঁওৰক্ষী বাহিনীয়ে আটক কৰে ৷ গাঁওৰক্ষী বাহিনীয়ে সাংবাদিক নামধাৰী যুৱকজনক উত্তম-মধ্যম দিয়াৰ লগতে গতাই দিয়ে হয়বৰগাঁও আৰক্ষীক ৷ সাংবাদিকৰ দৰে এক পৱিত্ৰ বৃত্তিক এনেদৰে একাংশ পাবত গজা সাংবাদিকে কলুষিত কৰিছে, তাকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সচেতন মহলৰ মাজত ৷ প্ৰশ্ন হয়,ৰাজ্যত কাঠফুলাৰ দৰে বাঢ়ি অহা ৱেব প'ৰ্টেলৰ একাংশ সাংবাদিক নামধাৰীক এতিয়া নাকী লগাব কোনে ?
লগতে পঢ়কঃ এমাহতকৈও অধিক সময়ৰ বাবে শিলচৰত খাদ্য সামগ্ৰী মজুত আছে