অসম

assam

ETV Bharat / state

নগাঁৱৰ ৰাঙলুত যুৱতী সৰবৰাহকাৰী আটক

দীপিকা কোঁৱৰ নামৰ এগৰাকী মহিলাৰ জৰিয়তে দুই যুৱকে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ কৰা অভিযোগ স্থানীয় ৰাইজৰ ৷

By

Published : Aug 4, 2019, 11:03 PM IST

নগাঁৱৰ ৰাঙলুত যুৱতী সৰবৰাহকাৰী

নগাঁও, 4 আগষ্টঃ নগাঁৱৰ ৰাঙলু গৰিয়া জুৰিত উত্তেজনা । বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহকাৰী দুই যুৱকক আটক কৰিলে গাঁওবাসীয়ে । দীপিকা কোঁৱৰ নামৰ এগৰাকী মহিলাৰ জৰিয়তে দুই যুৱকে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ কৰা অভিযোগ স্থানীয় ৰাইজৰ । ধৃত যুৱক দুজন হাৰিয়ানাৰ সতিশ কুমাৰ আৰু বিষ্ণু কুমাৰ । মিছাৰ আশ্ৰয় লৈ যুৱতী গৰাকী ঘৰত আছিল যুৱকদ্বয় ।

নগাঁৱৰ ৰাঙলুত যুৱতী সৰবৰাহকাৰী

আনহাতে, দীপিকা কোঁৱৰ নামৰ মহিলা গৰাকীয়ে গাঁৱৰে এগৰাকী বিবাহিত মহিলাক যুৱতী সজাই ভিডিঅ' কলৰ জৰিয়তে যুৱতীৰ লগত কথা পাতিবলৈ বাধ্য কৰোৱা অভিযোগ । ধৃত দীপিকা কোঁৱৰ লগতে যুৱকদ্বয়ক লপা-থপা দি আৰক্ষীক গতাই দিয়ে গাঁওবাসীয়ে । সমগ্ৰ ঘটনাই এতিয়া অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে ।

ABOUT THE AUTHOR

...view details