অসম

assam

আজি তিৱা জনগোষ্ঠীৰ ব'হাগ বিহু

By

Published : Apr 17, 2019, 1:10 PM IST

Updated : Apr 17, 2019, 1:35 PM IST

নগাঁৱৰ কঠিয়াতলীত উলহ-মালহেৰে আয়োজন কৰা হৈছে তিৱা জনগোষ্টীৰ ব'হাগ বিহু

আজি তিৱা জনগোষ্ঠীৰ ব'হাগ বিহু

বঢ়মপুৰ, 17 এপ্ৰিলঃ মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে আজি উলহ-মালহেৰে পালন কৰিছে ব'হাগ বিহু। পৰম্পৰাগত ভাৱে ব'হাগ মাহৰ প্ৰথমটো মঙলবাৰে উৰুকা আৰু প্ৰথমটো বুধবাৰে গৰু বিহু হিচাপে পালন কৰে তিৱা জনগোষ্ঠীৰ লোকসকলে।

আজি তিৱা জনগোষ্ঠীৰ ব'হাগ বিহু

নগাঁৱৰ কঠিয়াতলী নামবৰ লালুংগাঁও আৰু উপবৰ লালুংগাঁৱতো পালন কৰা হয় গৰু বিহু ৷ পুৱাই প্ৰতিঘৰ গৃহস্থৰ পদুলিত উপস্থিত হৈ পূজা অৰ্চনা কৰি মাহ হালধিৰে গৰুক নোৱাই ধোৱাই শ্ৰীবৃদ্ধি কামনা কৰে ৷ লগতে ব'হাগ বিহুত গৰুক পূজা অৰ্চনা কৰি শস্য নদন বদন হোৱাৰ আশা কৰাৰ লগতে পূজাত কুকুৰা বলি দি নিজৰ জীৱ জন্তু সমূহৰ কুশল মংগল কামনা কৰে তিৱা জনগোষ্ঠীৰ লোকসকলে ৷

Last Updated : Apr 17, 2019, 1:35 PM IST

ABOUT THE AUTHOR

...view details