অসম

assam

কঠিয়াতলীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

By

Published : Feb 18, 2021, 1:39 PM IST

নগাঁও, কঠিয়াতলী আৰু মদাৰতলী বন বিভাগৰ যুটীয়া অভিযানত হিলচ্ টিম্বাৰ চপ নামৰ এখন কাঠৰ দোকানৰ পৰা জব্দ কৰা হয় লক্ষাধিক টকাৰ চোৰাং কাঠ ৷ দীৰ্ঘদিন ধৰি চৰকাৰী অনুজ্ঞাপত্ৰ থকা বিপণীত চোৰাং কাঠৰ ব্যৱসায় চলি থকাৰ অভিযোগৰ পিছতে বন বিভাগৰ এই অভিযান ।

নগাঁৱৰ কঠিয়াতলীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ
নগাঁৱৰ কঠিয়াতলীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

বঢ়মপুৰ,১৮ ফেব্ৰুৱাৰী:ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং বেহা । নগাঁৱৰ কঠিয়াতলীৰ এঘাৰমাইলত জব্দ বৃহৎ পৰিমাণৰ পাহাৰীয়া কাঠ । নগাঁও, কঠিয়াতলী আৰু মদাৰতলী বন বিভাগৰ যুটীয়া অভিযানত হিলচ্ টিম্বাৰ চপ নামৰ এখন কাঠৰ দোকানৰ পৰা জব্দ কৰে লক্ষাধিক টকাৰ চোৰাং কাঠসমূহ ৷ কিন্তু চৰকাৰী অনুজ্ঞাপত্ৰ থকা কাঠৰ বিপণীত এনেদৰে চোৰাং কাঠ উদ্ধাৰ হোৱাৰ পিছতে এতিয়া বিভিন্ন মহলত প্ৰশ্ন উদয় হৈছে ।

বহুতে প্ৰশ্ন কৰিছে চৰকাৰী অনুজ্ঞাপত্ৰ থকা বিপণীসমূহৰ জৰিয়তে চোৰাং কাঠৰ ব্যৱসায় চলোৱা হয় নেকি ? বহুতে আকৌ বন বিভাগৰ ছত্ৰছায়াতে কাঠৰ দোকানসমূহত পাহাৰীয়া কাঠৰ ৰমৰমীয়া ব্যৱসায় চলে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে ৷

লগতে পঢ়ক:কাজিৰঙাত গঁড়ৰ আক্ৰমণত মৃত্যু বনকৰ্মীৰ

ABOUT THE AUTHOR

...view details