অসম

assam

ETV Bharat / state

Time Card system in KNP: জুলাইৰ পৰা কাজিৰঙাত ‘Time Card’ ব্যৱস্থা প্ৰৱৰ্তন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ ৷ অচিৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত যান-বাহন নিয়ন্ত্ৰণৰ বাবে 'Time Card' ব্যৱস্থা প্ৰৱৰ্তনৰ গুণা-গঁথা ৷

Time Card system to protect wildlife
কাজিৰঙাত প্ৰৱৰ্তন হ’ব ‘Time Card’ ব্যৱস্থা

By

Published : Jun 19, 2023, 4:08 PM IST

কাজিৰঙাত প্ৰৱৰ্তন হ’ব ‘Time Card’ ব্যৱস্থা

কলিয়াবৰ, 19 জুন : নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সষ্টম হৈ পৰিছে জীৱকুলৰ সুৰক্ষাক লৈ ৷ সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জুলাইৰ প্ৰথম সপ্তাহতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুৰ সুৰক্ষাৰ বাবে প্ৰৱৰ্তন হ'ব টাইম কাৰ্ড ব্যৱস্থা ৷ শীঘ্ৰে কাৰ্যক্ষম হ’ব অচল হৈ পৰা চেঞ্চৰ কেমেৰা ৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অধিক বনকৰ্মী নিযুক্তি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷

ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাবলৈ ধৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল এলেকাত । নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পোৱা পানীয়ে আংশিকভাৱে প্লাৱিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেওচুৰ হাতীকেম্প । এসপ্তাহ ধৰি দি থকা মুষলধাৰ বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈ, জান-জুৰিসমূহ পানীৰে ওফন্দি উঠিছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ অতিকৈ দ-এলেকা দেওচুৰ হাতীকেম্প এতিয়া বৰষুণৰ পানীৰে প্লাৱিত ।

বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত হাত নাও, মেচিন নাও সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে উদ্যান কৰ্তৃপক্ষই । ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মী সকল জীৱকুল ৰক্ষাৰ বাবে এতিয়া ২৪ ঘণ্টাই সষ্টম হৈ পৰিছে । বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত ৩৩ টা বন শিৱিৰ বৰ্তমানেও বানমুক্ত হৈ আছে ।

ধাৰাষাৰ বৰষুণ অব্যাহত থাকিলে অচিৰেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তৃণ এলেকা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত পৰাৰ আশংকা নুই কৰিব নোৱাৰি । আনহাতে, দীৰ্ঘদিন ধৰি বিকল হৈ পৰা ব্যয়বহুল চেঞ্চৰ কেমেৰা ব্যৱস্থাও অনতিপলমে কাৰ্যক্ষম হৈ উঠিব বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ।

লগতে পঢ়ক :Minister order to Nalbari BDO : পূৱ নলবাৰী খণ্ড উন্নয়ন বিষয়াক নিলম্বনৰ নিৰ্দেশ মন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details