জুলাইত স্বীকৃতিপ্ৰাপ্ত শিক্ষক সন্থাৰ ভয়াবহ আন্দোলনৰ হুংকাৰ !
হু শিক্ষকে ইতিমধ্যেই বিনা বেতনে অৱসৰ গ্ৰহণ কৰাৰ উপৰিও আৰ্থিক দৈন্যতাৰ বাবে আত্মহত্যাৰ পথ বাছি লৈছে বহু শিক্ষকে।
নগাঁও, 5 জুলাইঃ ৰাজ্যৰ তিনি সহস্ৰাধিক অ-প্ৰাদেশীকৃত স্বীকৃতপ্ৰাপ্ত বিদ্যালয় প্ৰাদেশীকৰন নকৰিলে জুলাই মাহত হ'ব ভয়াবহ আন্দোলন। শুক্ৰবাৰে নগাওঁ প্ৰেছক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি স্বীকৃতিপ্ৰাপ্ত শিক্ষক সন্থাই এই হুংকাৰ প্ৰদান কৰে চৰকাৰক। অ-প্ৰাদেশীকৃত বিদ্যালসমূহ প্ৰাদেশীকৰণ কৰিব বুলি চৰকাৰে কেইবাবাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও সেয়া আজিলৈকে পূৰণ নকৰাৰ অভিযোগ শিক্ষক সন্থাটোৰ। বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে মাত্ৰ ১৭শ বিদ্যালয় প্ৰাদেশীকৰণ কৰা হৈছিল যদিও ৩সহস্ৰাধিক বিদ্যালয় আজিও প্ৰাদেশীকৰণৰ পৰা বঞ্চিত। আগন্তক বাজেট অধিবেশনৰ পূৰ্বেই বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰিবলৈ চৰকাৰক দাবী জনায় সন্থাটোৱে। উল্লেখযোগ্য যে, বহু শিক্ষকে ইতিমধ্যেই বিনা বেতনে অৱসৰ গ্ৰহণ কৰাৰ উপৰিও আৰ্থিক দৈন্যতাৰ বাবে আত্মহত্যাৰ পথ বাছি লৈছে বহু শিক্ষকে।