অসম

assam

By

Published : Sep 21, 2022, 4:15 PM IST

ETV Bharat / state

কামপুৰত বিদ্যালয়ত এবছৰেই অনুপস্থিত এগৰাকী শিক্ষক

কঠিয়াতলী শিক্ষা খণ্ডৰ বকুলগুৰি মোক্তাৱ বিদ্যালয়ৰ সহকাৰী শিক্ষক এগৰাকী এবছৰেই কৰ্তব্য়ত অনুপস্থিত(Teacher absent at Bakulguri Moktab School)। শিক্ষকগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে শিক্ষা বিভাগৰ বিৰুদ্ধে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ উজাৰিলে বিদ্যালয়ৰ শিক্ষকে ৷

Teacher absent at Bakulguri Moktab School
কামপুৰত বিদ্যালয়ত এবছৰেই অনুপস্থিত শিক্ষক

বঢ়মপুৰ, ২১ছেপ্টেম্বৰ:ধোঁৱাচাঙত অসমৰ শিক্ষাবিভাগ ৷ শিক্ষা বিভাগকো কেৰেপ নকৰে ৰহা সমষ্টিৰ এজন শিক্ষকে ৷ এবছৰ ধৰি বিদ্যালয়ত অনুপস্থিত শিক্ষকগৰাকী(Teacher absent from school for a year) ৷ ঘৰত বহিয়ে দৰমহা ভোগ কৰি থকাৰ অভিযোগ শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷ শিক্ষা বিভাগৰ বৰমূৰীয়াক মেনেজ কৰাৰো অভিযোগ উত্থাপিত হৈছে শিক্ষকজনৰ বিৰুদ্ধে ৷ ছাত্ৰ-ছাত্ৰীক শিক্ষাদানত গাফিলতি কৰা আদি বিভিন্ন অভিযোগত অভিযুক্ত কৰি শিক্ষকগৰাকীৰ বিৰুদ্ধে পৰিচালনা সমিতিয়ে বিগত সময়ত শিক্ষা বিষয়াৰ ওচৰত লিখিত অভিযোগ দিছিল ৷

উত্থাপিত অভিযোগ অনুসৰি, ৰহা সমষ্টিৰ অন্তৰ্গত কঠিয়াতলী শিক্ষা খণ্ডৰ বকুলগুৰি মোক্তাৱ বিদ্যালয়ৰ সহকাৰী শিক্ষক (Teacher of Bakulguri Moktab School absent) অমৃত জ্যোতি বৰা দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত হৈ আছে ৷ ২০১৫ বৰ্ষত বিদ্যালয়ত যোগদান কৰা শিক্ষকগৰাকীয়ে ২০২১ বৰ্ষৰ অক্টোবৰৰ পৰা বৰ্তমানলৈকে উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে আমছুৱে (AAMSU of Raha) ।

কামপুৰত বিদ্যালয়ত এবছৰেই অনুপস্থিত শিক্ষক

বিদ্যালয় পৰিচালনা সমিতিয়ে শিক্ষকগৰাকীক ফোনত যোগাযোগ কৰাৰ পিছতো নানান অজুহাত দেখুৱাই নিজৰ কৰ্তব্যৰ পৰা আঁতৰি থকাত বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ । এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও সুফল নোপোৱাত চিন্তিত হৈ পৰিছে অভিভাৱকসকল । ৭০ গৰাকী ছাত্ৰ -ছাত্ৰী থকা বিদ্যালয়খনত শিক্ষকৰ অভাৱত পাঠদানত বহু অসুবিধা হোৱাৰ উপৰিও বিগত বৰ্ষৰ গুনোৎসৱত এ গ্ৰেড পোৱা বিদ্যালয়খনে ২০২২ বৰ্ষৰ গুনোৎসৱত নিম্নগামী হৈ বি গ্ৰেড লাভ কৰাত ক্ষুব্ধ হৈ পৰিছে বিদ্যালয়ৰ পৰিচালনা সমিতি । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি অনুপস্থিত হৈ থকা শিক্ষক অমৃতজ্যোতি বৰাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ডাঃৰণোজ পেগুক (Education Minister Dr Ranoj Pegu) অনুৰোধ জনাইছে ।

লগতে পঢ়ক:গুৱাহাটীত ১ কোটি ৩২ লাখ টকাৰ বিদেশী চিগাৰেট জব্দ

ABOUT THE AUTHOR

...view details