কামপুৰৰ বোৱতী নদীত বালি মাফিয়াৰ দৌৰাত্ম
নগাঁৱৰ কামপুৰত বালি মাফিয়াৰ দপ্দপনি । বোৱতী নদীত মেচিন লগাই প্ৰতি নিয়ত বালিৰ খনন । নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাৰ অভিযোগ বনবিভাগ বিৰুদ্ধে ৷
নগাঁও, 10 ছেপ্তেম্বৰঃ নগাওঁ জিলাৰ কামপুৰৰ বৰপানী আৰু কপিলী নদীৰ বিভিন্ন এলেকাত বালি মাফিয়াৰ দৌৰাত্ম বৃদ্ধি পাইছে ৷ একাংশ বালি মাফিয়াই দুয়োখন নদীৰ পৰা বালি সংগ্ৰহৰ বাবে অবৈধ ভাৱে মেচিন ব্যৱহাৰ কৰাত তীব্ৰ সংকট নামিছে নদীৰ বুকুলৈ । কাৰ্বি আংলঙৰ পৰা হোজাই আৰু নগাওঁ জিলাৰ মাজৰে পাৰ হোৱা কপিলী নৈ আৰু কাৰ্বি আংলঙ নগাওঁ জিলাৰ মাজেৰে পাৰ হোৱা বৰপানী নৈত দীৰ্ঘদিন ধৰি বালি খননৰ বাবে একাংশ মাফিয়া চক্ৰই বন বিভাগৰ লোকক উপঢৌকন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ইফালে বালিৰ অবৈধ খননে দুয়োখন নদীৰ পাৰিৱেশিক অৱস্থালৈ ভাবুকি কঢ়িয়াই অনাত ক্ষুব্ধ হৈ পৰিছে প্ৰকৃতি প্ৰেমী সকল । এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী কৰিছে প্ৰকৃতিপ্ৰেমী সকলে ৷