কলিয়াবৰ, 16 জানুৱাৰী :কলিয়াবৰৰ সংবাদ জগতৰ সৈতে জড়িত সংবাদকৰ্মীসকলৰ উমেহতীয়া অনুষ্ঠান কলিয়াবৰ প্ৰেছ ক্লাবে এই বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে (Silver jubilee of Kaliabar press club) । অসম তথা দেশৰ সংবাদজগতত কলিয়াবৰক এক সুকীয়া পৰিচয় দিয়াৰ লক্ষ্যৰে ১৯৯৭ চনৰ ১৭ জুলাই প্ৰতিষ্ঠ লাভ কৰা কলিয়াবৰ প্ৰেছ ক্লাবৰ (Kaliabar press club) কাৰ্যালয় প্ৰাংগণত নিৰ্মাণ কৰা হাৰলিঘৰৰ সমুখত সমৱেত হয় কলিয়াবৰৰ বিশিষ্ট ব্যক্তিসকল ।
কলিয়াবৰ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত দেওবাৰৰ শুভাৰম্ভ অনুষ্ঠানত ৰূপালী জয়ন্তী বৰ্ষৰ উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে । সমবেত ৰাইজ আৰু কলিয়াবৰৰ সংবাদকৰ্মীসকলে মন্ত্ৰী কেশৱ মহন্তই প্ৰজ্বলন কৰা এক প্ৰতীকী মেজিৰ সন্মুখত উপস্থিত হৈ সকলোৰে মংগল কামনা কৰি মেজিৰ জুইৰ উত্তাপত কলিয়াবৰ প্ৰেছ ক্লাবৰ বৰ্ষজোৰা ৰূপালী জয়ন্তী অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ সংকল্প গ্ৰহণ কৰে (Minister Keshab Mahanta at Kaliabar press club) ।
সভাত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, স্বাধীনোত্তৰ কালৰে পৰা অসমৰ সংবাদ জগতখনলৈ কলিয়াবৰৰ সংবাদসেৱীসকলে নিৰৱচ্ছিন্নভাৱে সেৱা আগবঢ়াই আহিছে । পৰৱৰ্তী কালত কাকতৰ লগতে বৈদ্যুতিন মাধ্যমৰ জৰিয়তেও কলিয়াবৰৰ সংবাদ পৰিৱেশন হৈ আহিছে ।
১৯৯৭ চনত গঠন হোৱা কলিয়াবৰ প্ৰেছ ক্লাবৰ গৌৰৱোজ্জ্বল পঁচিশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষৰ সকলো কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতিৰূপে সকলো ধৰণৰ সহায়-সহযোগিতা কলিয়াবৰৰ ৰাইজৰ পৰা কামনা কৰে । আজিৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ অনুষ্ঠানত কলিয়াবৰৰ দহগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক সেৱা নিবেদনৰ লগতে ৰূপালী জয়ন্তী বৰ্ষৰ সকলো কাৰ্যসূচীতে কলিয়াবৰীয়া ৰাইজৰ সহায়-সহযোগ কামনাৰে আঁঠু লৈ সেৱা আগবঢ়াই কলিয়াবৰ প্ৰেছ ক্লাবৰ সদস্যসকলে ।
কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি তপন শইকীয়াই ৰূপালী জয়ন্তী বৰ্ষটোৰ কাৰ্যসূচীসমূহ ঘোষণা কৰে । এই শুভাৰম্ভ অনুষ্ঠানত অসমৰ বিশিষ্ট লোক সংগীতৰ চৰ্চা আৰু প্ৰসাৰত আত্মনিয়োগ কৰা শিল্পী তথা কলিয়াবৰীয়া বোৱাৰী জীনা ৰাজকুমাৰী গোস্বামীয়েও এশাৰী বিহু নামেৰে ভোগালীৰ ওলগ জনোৱাৰ লগতে প্ৰেছ ক্লাবৰ অনাগত কাৰ্যসূচীৰ সফলতা কামনা কৰে ।
অনুষ্ঠানটিৰ লগত সংগতি ৰাখি কলিয়াবৰৰ সোণাৰী গাঁৱৰ ঐতিহাসিক 'ক'লী বুঢ়ী নৃত্য' প্ৰদৰ্শন কৰে সোণাৰী গাঁৱৰ মহিলাসকলে । লগতে যুৱকৰ এটি দলে নামো পৰিৱেশন কৰে ।
লগতে পঢ়ক :এজাহাৰ লিখাৰ নামত থানাত দালালি কৰাসকলৰ এতিয়া কি হ’ব ?