নগাঁও, 18 আগষ্ট:লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম ৰাজ্যিক বিজেপিত স্পষ্ট হৈ পৰিছে দলীয় সংঘাত ৷ দলীয় অন্তৰ্কন্দলক লৈ বাৰুকৈয়ে শলঠেকত পৰা পৰিলক্ষিত হৈছে ৰাজ্যিক বিজেপি । বিজেপি দলৰ ন-পুৰণি নেতাৰ মাজত সৃষ্টি হোৱা সংঘাতে এতিয়া জোকাৰিছে অসম ৰাজ্যিক বিজেপিক ।
ন-বিজেপিৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰি দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ লিখা পত্ৰই দলটোৰ ভিতৰচ’ৰাত তোলপাৰ লগোৱাৰ সময়তে ওলাইছে আন এক খবৰ । এক বিশেষ সূত্ৰে জানিব পৰা অনুসৰি, 18 আগষ্ট অৰ্থাৎ শুকুৰবাৰে পদত্যাগ কৰিব দলটোৰ আন এগৰাকী পুৰণি জ্যেষ্ঠ নেতাই ।
অসমত বিজেপিৰ কোনো অস্তিত্ব নথকাৰ সময়তে দলটোৰ জয়ধ্বজা উৰুৱাই চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰীত্ব দখল কৰা জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁয়ে 18 আগষ্টৰ দুপৰীয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈয়ো 2019 চনৰ লিকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈ ক্ৰমান্বয়ে দলটোত এলাগী হৈ পৰিছিল জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই ।