নগাঁও, 20 জুলাইঃ ৰাজ্যত বান বিভীষিকা চলি থকা সময়তে ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰৰ দিশে নদী মানুহক লৈ লিখা এটি বিশেষ সংস্কৃত গীত ৷ ডিডি নিউজৰ 'বাৰ্তাৱলী' শীৰ্ষক সংস্কৃত অনুষ্ঠানত দেওবাৰে সম্প্ৰচাৰিত হ'ব সংস্কৃত শিল্পী ৰঞ্জন বেজবৰুৱাৰ কণ্ঠত নদী আৰু মানুহৰ জীৱনক লৈ লিখা বিশেষ সংস্কৃত গীতটি । বিখ্যাত পৰিচালক মৃণাল সেনৰ কথাছবি 'নীল আকাশেৰ নীচে'ৰ এই প্ৰসিদ্ধ গীতটিৰ সংস্কৃত দৃশ্য ৰূপ 'অ' নদী ৰে, প্ৰশ্নম্ একম্ পৃচ্ছামি হি কেৱলম্' (অ' নদী, এটি মাথোঁ প্ৰশ্ন সোধোঁ তোমাক) ।
ডিডি নিউজৰ বাৰ্তাৱলীত "অ' নদী, এটি মাথোঁ প্ৰশ্ন সোধোঁ তোমাক"
গীতটি দিল্লী দূৰদৰ্শনৰ অনুৰোধ মৰ্মে নগাঁৱৰ শিল্পী ৰঞ্জন বেজবৰুৱাই কণ্ঠ দিবৰ বাবে সংস্কৃতলৈ অনুবাদ কৰি দিছে বেনাৰসৰ উদীয়মান গীতিকাৰ আলোকে । সংগীত ব্যৱস্থাপনা বাঁহীবাদক প্ৰাঞ্জল বৰাৰ । 1959 চনত ৰাজনৈতিক কাৰণত ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা 'নীল আকাশেৰ নীচে'ৰ ভাৰতীয় ছবিখন নিৰ্মাণ হৈছিল মহাদেৱী বাৰ্মাৰ কাহিনীৰ আধাৰত ৷
উল্লেখ্য যে, গীতটি দিল্লী দূৰদৰ্শনৰ অনুৰোধ মৰ্মে নগাঁৱৰ শিল্পী ৰঞ্জন বেজবৰুৱাই কণ্ঠ দিবৰ বাবে সংস্কৃতলৈ অনুবাদ কৰি দিছে বেনাৰসৰ উদীয়মান গীতিকাৰ আলোকে । সংগীত ব্যৱস্থাপনা বাঁহীবাদক প্ৰাঞ্জল বৰাৰ । 1959 চনত ৰাজনৈতিক কাৰণত ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা 'নীল আকাশেৰ নীচে'ৰ ভাৰতীয় ছবিখন নিৰ্মাণ হৈছিল মহাদেৱী বাৰ্মাৰ কাহিনীৰ আধাৰত ৷ য'ত চীনা ফেৰিৱালা ৱাং লু আৰু কলকাতাৰ দুহিতা বাসন্তীৰ গভীৰ মানৱিক সম্পৰ্কক চিত্ৰিত হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ পটভূমিত সমাজৰ নিম্ন স্তৰৰ মানুহৰ দুঃখ-দুৰ্দশাৰ বৰ্ণনাৰে ।
হেমন্ত মুখাৰ্জীৰ অতুলনীয় সংগীত আৰু কণ্ঠৰ 'ও নদী ৰে, একটি কথা শুধাই শুধু তোমাৰে' শীৰ্ষক কালজয়ী গীতটি বৰ্তমানৰ বান-খহনীয়া আক্ৰান্ত মানুহৰ জীৱন আৰু মানসিক অৱস্থাৰ সৈতেও খাপ খায় ।