চামগুৰি, 13 জুলাই : ৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিলেখ গঢ়িছে চামগুৰিৰ এগৰাকী যুৱ শিল্পীয়ে ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (India Book Of Records)ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে অবিনাশ ভূঞা নামৰ যুৱ শিল্পী গৰাকীয়ে ৷ মাত্ৰ তিনি ইঞ্চি উচ্চতাৰ কাগজেৰে এখন শৰাই সাজি এই অভিলেখ গঢ়ি তুলিছে পানীগাঁও কলিতাচুকৰ নিৱাসী প্ৰশান্ত ভূঞা আৰু মুন ভূঞাৰ একমাত্ৰ সন্তান অবিনাশে ৷ ক’ভিড (Covid)ৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে হস্তকলা সাধনাৰে এই কৃতিত্ব অৰ্জন কৰিছে যুৱ শিল্পীগৰাকীয়ে ৷
যুৱ শিল্পীগৰাকীয়ে শৰাই নিৰ্মাণেৰে বৃহত্তৰ পুৰণিগুদাম অঞ্চললৈ কঢ়িয়াই আনিছে গৌৰৱ ৷ তেওঁৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বৰ্তমান নগাঁও মহাবিদ্যালয়ত (Nagaon College) উচ্চতৰ মাধ্যমিক শাখাত অধ্যয়নৰত অবিনাশে পুৰণিগুদাম বিদ্যা নিকেতনত অধ্যয়ন কৰি থকা কালৰ পৰা হস্তকলাৰ প্ৰতি আগ্ৰহী আছিল । কোনো শিল্প সাধনাৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে হস্তকলা নিৰ্মাণত ব্ৰতী আছে অবিনাশ ৷