নগাঁও, 2 ফেব্ৰুৱাৰী :অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক একাংশ দুস্কৃতিকাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে ক্ষোভ প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷
নলবাৰীত দেওবাৰে আয়োজন কৰা এখন দলীয় সভাত অংশগ্ৰহণৰ যোৱা পৰত বিজেপি পতাকা লৈ একাংশ লোকে লুৰিণক আক্ৰমণৰ লক্ষ্য কৰি লোৱা এক অভিযোগ উত্থাপিন হৈছিল ৷
এই অভিযোগৰ ভিত্তিতে আজি নগাঁও জিলা অসম জাতীয় পৰিষদ দলৰ কৰ্মীসকলে এনে ঘটনাৰ বিৰোধীতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷