চামগুৰি, 20 জুন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগত শনিবাৰে উত্তাল নগাঁও ৷ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ দাবীত প্ৰতিবাদত বহিল সদৌ অসম প্ৰগতিশীল নাৰী সন্থা নগাঁও জিলা সমিতি ।
চৰকাৰে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ নকৰাৰ বিৰোধীতাৰে শনিবাৰে নগাঁও জিলাৰ ৰহা ব্লক, দলংঘাট ব্লক, কলিয়াবৰ ব্লক, মায়ং ব্লক আৰু কপিলী ব্লকৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তৰ ৬০ টাৰো অধিক অঞ্চলত ‘প্ৰতাৰণা দিৱস’ কাৰ্যসূচী ৰূপায়ন কৰে ৷
‘প্ৰতাৰণা দিৱস’ কাৰ্যসূচীত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী সম্পাদিকা ক্ৰমে পৰী কুমাৰী বৰুৱা আৰু আয়েফা বেগম, শোষণ বিৰোধী যৌথ সংগ্ৰামী মঞ্চৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা মঞ্জু কোঁৱৰ আৰু আয়েফা বেগময়েও অংশগ্ৰহণ কৰে ৷
উল্লেখ্য যে, মন্ত্ৰী ড৹ শৰ্মাই নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু নিৰ্বাচনৰ পাচত উলোটা শৰ মাৰিলে ড৹ শৰ্মাই ৷ এই অভিযোগ উত্থাপন কৰিছে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ গ্ৰহণ কৰা মহিলা সকলে ৷