অসম

assam

ETV Bharat / state

কলিয়াবৰত গড়কাপ্তানি পথৰ বিধ্বস্ত ৰূপ! পথচাৰীয়ে ভূগিছে যমৰ-যাতনা

কলিয়াবৰৰ সদা ব্যস্ত জখলাবন্ধা - চিকনী গড়কাপ্তানি পথৰ কদৰ্য‍ ৰূপ ৷ ভঙা-ইটা-কংক্ৰীটৰ দ'মকে ধৰি আৱৰ্জনা আৰু পথটোত সৃষ্টি হোৱা গাঁতবোৰে যাতায়তৰ বাবে অনুপযোগী কৰি তুলিছে পথটো ৷

সদা ব্যস্ত পদ পথৰ দুৰৱস্থা !

By

Published : Aug 4, 2019, 2:35 PM IST

কলিয়াবৰ,4 আগষ্টঃঅতি কম দিনৰ ভিতৰতে যাতায়তৰ অনুপযোগী হৈ পৰিছে কলিয়াবৰৰ সদা ব্যস্ত জখলাবন্ধা - চিকনী সংযোগী গড়কাপ্তানি পথটো । ভঙা-ইটা-কংক্ৰীটৰ দ'মকে ধৰি আৱৰ্জনা আৰু পথটোত সৃষ্টি হোৱা গাঁতবোৰে যাতায়তৰ বাবে অনুপযোগী কৰি তুলিছে পথটো ৷ বিগত 27 এপ্ৰিলত বেদখলমুক্ত কৰা পথচোৱাৰ সম্প্ৰসাৰণ আৰু মেৰামতিৰ নামত প্ৰশাসনে ভেঁকোভাৱনা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

সদা ব্যস্ত পদ পথৰ দুৰৱস্থা !

"ক্লীন জখলাবন্ধা" , গ্ৰীন জখলাবন্ধা" অভিযানেৰে বিশেষ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা জখলাবন্ধাত জাৱৰ নিষ্কাষণৰ বাবে নাই কোনো উপযুক্ত ব্যৱস্থা ৷ জখলাবন্ধা-হাতীমূৰা গড়কাপ্তানি পথৰ কাষৰীয়া কলঙৰ পাৰত নিষ্কাষিত জাৱৰ-জোঁথৰবোৰ জমা কৰাৰ ফলত সমগ্ৰ অঞ্চলটোতে এক অপৰিস্কাৰ পৰিৱেশে বিৰাজ কৰাৰ লগতে কাষতে থকা জখলাবন্ধা ৰাজহুৱা শ্মশানখনতো সমস্যাৰ সৃষ্টি কৰিছে ৷ আৱৰ্জনাৰ পৰা ওলোৱা দুৰ্গন্ধই কাষৰীয়া বাসিন্দা আৰু পথচাৰীৰ বাবে অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ স্থানীয় ৰাইজে "ক্লীন জখলাবন্ধা", "গ্ৰীন জখলাবন্ধা" কৰ্তৃপক্ষৰ লগতে কলিয়াবৰ মহকুমা প্ৰশাসনক শীঘ্ৰেই এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details