অসম

assam

ETV Bharat / state

ৰণথলীৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত বোন্দাপৰ ৰোগীৰ

পৰিৱৰ্তন আহিছেনে ৰাজ্যৰ স্বাস্থ্যখণ্ডত ? কিয় আজিও উন্নত নহয় গ্ৰাম্য চিকিৎসা সেৱা ? আমি দেখুৱাম স্বাস্থ্য মন্ত্ৰীয়ে স্বাস্থ্য খণ্ডত অনা পৰিৱৰ্তনৰ নগ্ন স্বৰূপ ৷

By

Published : May 13, 2019, 7:27 PM IST

কিদৰে চলিছে ৰহাৰ ৰণথলীৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ ?

ৰহা, 13 মে’: অৰাজক পৰিস্থিতিৰ ৰহাৰ ৰণথলী সমূহীয়া স্বাস্থ্যকেন্দ্ৰত । চিকিৎসকৰ হেমাহীৰ বাবেই জীয়াতু ভুগিবলগীয়া হৈছে ৰোগীয়ে । ৰহা ৰণথলী সমূহীয়া স্বাস্থ্যকেন্দ্ৰৰ সোমবাৰৰ দৃশ্য এইয়া ৷

কিদৰে চলিছে ৰহাৰ ৰণথলীৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ ?

স্বাস্থ্যকেন্দ্ৰটোত নাই এজনো চিকিৎসক, ফলত হাহাকাৰ ৰোগীৰ লগতে ৰোগীয় আত্মীয়ৰ মাজত । পুৱা 8:30 বজাতে অহা ৰোগীয়ে এনেদৰে চিকিৎসালয়খনৰ য'তে ত'তে পৰি থাকিবলগীয়া হৈছে । ফলত এক উত্তেজনা বিৰাজ কৰে চিকিৎসালয়খনত । বহু ৰোগী ডাক্তৰ নহাৰ বাবে নগাৱঁলৈ যাবলৈ বাধ্য হয় । এনেকৈয়ে যোৱা বহু বছৰে চলি আহিছে চিকিৎসালয়খন । মন গলে চিকিৎসক আহে, নহলে নাহে । 8:30 বজাৰ পৰা ডিউটি থকা চিকিৎসক আহে দুপৰীয়া 11 অথবা 12 বজাত ।

লগতে পঢ়ক: সোণালী সূতাৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাত প্ৰাক্তন আলফানেতা

নিজৰ ঘৰত থকা চেম্বাৰত ৰোগী চাব লাগে, সেয়ে চিকিৎসালয়লৈ অহাত পলম হয় । আকৌ ৰোগীসকলৰ অভিভাৱকৰ মতে চিকিৎসা সেৱাও সন্তোষজনক নহয় চিকিৎসালয়খনত । উল্লেখ্য যে চিকিৎসালয়খনত দুজন চিকিৎসক নিয়োগ কৰা হৈছে যদিও উপস্থিতি অনিয়মীয়া বুলি অভিযোগ উঠিছে ।

ABOUT THE AUTHOR

...view details