সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰচেষ্টাত নগাঁৱত নিয়োগ মেলা নগাঁও, 30 জুলাই: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নিবনুৱাৰ সমস্যা ৷ এইবাৰ নিবনুৱা সমস্যা সমাধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে সাসংদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ নগাঁৱৰ নিবনুৱা সমস্যা সমাধানৰ উদ্দেশ্যে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ তৎপৰতাত আয়োজন কৰে এই বিশেষ নিয়োগ মেলা ৷
দেশৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ কোম্পানীত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ যুৱক-যুৱতীসকলক নিয়োজিত কৰিবলৈয়ে নিয়োগ মেলাৰ আয়োজন কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ এই নিয়োগ মেলাৰ বাবে দেওবাৰে নগাঁৱৰ কেবাটাও স্থানত অনুষ্ঠিত হয় সাক্ষাৎকাৰ ৷ ব্যক্তিগত কোম্পানীৰ বিভিন্ন পদবীৰ বাবে দেওবাৰে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত অবিভক্ত নগাঁও জিলাৰ প্ৰায় তিনি সহস্ৰাধিক প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷
দেওবাৰে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত উপস্থিত হৈ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কেবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘দেশৰ প্ৰায় 68 টা আগশাৰীৰ কোম্পানীৰ বিভিন্ন পদবীত নিয়োগ কৰাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলতে প্ৰথমবাৰৰ বাবে এইদৰে নিয়োগ মেলা অনুষ্ঠিত হৈছে ৷ উত্তৰ-পূবৰ পৰা বহিঃৰাজ্যলৈ যোৱা প্ৰায়বোৰ যুৱক-যুৱতীয়ে চিকিউৰটি গাৰ্ডৰ বাদে অন্য পদত চাকৰি নাপয় ৷ কিন্তু এই নিয়োগ মেলাৰ বাবে এতিয়া বিভিন্ন পদত চাকৰি পাব ৷’’
নিৰ্বাচনৰ পূৰ্বে চমক দিবলৈ হৈ সাংসদ গৰাকীয়ে নিয়োগ মেলা পতিছে ৷ তাৰ পূৰ্বে সমষ্টিত দেখাই নাচিল সাংসদগৰাকীক ৷ এই দৰে একাংশ সমালোচনা কৰিছিল সাসংদ বৰদলৈয়ক ৷ এই সমালোচনাৰ প্ৰত্যাহ্বান জনাই সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয়, ‘‘বিৰোধীয়ে কাম কৰিলেও দেখিব নোৱাৰে ৷ নকৰিলেও নাই কৰা বুলিও ক’ব ৷ তেওঁলোকৰ কামেই হ’ল সমালোচনা কৰা ৷’’
লগতে পঢ়ক:Nagaon police: নগাঁৱত অসম আৰক্ষী জিন্দাবাদ ধ্বনি ৰাইজৰ, কিন্তু কিয় !