অসম

assam

ধপাতৰ বিৰুদ্ধে কলিয়াবৰত সজাগতা তথা প্ৰশিক্ষণ শিবিৰ

By

Published : Feb 24, 2020, 8:04 PM IST

আজি "চিগাৰেট আৰু অনান‍্য ধপাতযুক্ত উৎপাদন আইন" চমুকৈ 'COTPA' (Cigarettes and Other Tobacco Products Act)ৰ সজাগতা আৰু প্ৰয়োগ সম্পৰ্কীয় এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় কলিয়াবৰত ৷

সজাগতা তথা প্ৰশিক্ষণ শিবিৰ
সজাগতা তথা প্ৰশিক্ষণ শিবিৰ

কলিয়াবৰ, 24 ফেব্ৰুৱাৰীঃজিলা ধপাত নিয়ন্ত্ৰণ কোষে ধপাত বিৰোধী আইন প্ৰয়োগৰ বাবে, ধপাত ব্যৱহাৰৰ কু প্ৰভাৱৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰিবলৈ বিভিন্ন সময়ত সজাগতা সভা আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰি আহিছে ৷ সেই উদ্দেশ‍্য আগত ৰাখি আজি কলিয়াবৰত "চিগাৰেট আৰু অন্যান‍্য ধপাতযুক্ত উৎপাদন আইন" চমুকৈ 'COTPA' (Cigarettes and Other Tobacco Products Act)ৰ সজাগতা আৰু প্ৰয়োগ সম্পৰ্কীয় এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে ৷

ধপাতৰ বিৰুদ্ধে কলিয়াবৰত সজাগতা তথা প্ৰশিক্ষণ শিবিৰ

কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সজাগতা শিবিৰত অংশগ্ৰহণ কৰে কলিয়াবৰ মহকুমাৰ পাঁচখন আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷ প্ৰতিখন আৰক্ষী চকীৰ দুজনকৈ আৰক্ষী বিষয়াক এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ নগাঁও জিলা ধপাত নিয়ন্ত্ৰণ কোষে আয়োজন কৰা এই সজাগতা তথা প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাস আৰু নগাঁও জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ ড° অঞ্জন কুমাৰ গোস্বামী ।

লগতে পঢ়কঃতিনিচুকীয়াত সদৌ অসম শ্বহীদ-নির্যাতিত পৰিয়াল পৰিষদৰ উদ্যোগত শ্বহীদ দিৱস

For All Latest Updates

ABOUT THE AUTHOR

...view details