অসম

assam

Private hospital obstinacy: নগাঁৱত চিকিৎসাৰ নামত ব্যক্তিগত নাৰ্ছিং হোমৰ মইমতালি

By

Published : Jul 14, 2022, 10:19 AM IST

Updated : Jul 14, 2022, 12:29 PM IST

নগাঁৱৰ মেট্ৰ' হস্পিতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ বিৰুদ্ধে ৰোগীৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ (Serious complaint against Metro Hospital and Research Centre)। সংকটজনক ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে হাস্পতাল কৰ্তৃপক্ষই । অধিক ধন সংগ্ৰহ কৰিও চিকিৎসা প্ৰদানত অৱহেলাৰ অভিযোগ । অভিযোগ দিয়া ৰোগীৰ অভিভাৱকক আৰক্ষীৰ জৰিয়তে হাৰাশাস্তি কৰাৰ ভাবুকি প্ৰদান হাস্পতাল কৰ্তৃপক্ষৰ ।

Private hospital obstinacy
নগাঁৱত চিকিৎসাৰ নামত ব্যক্তিগত নাৰ্ছিং হোমৰ মইমতালি

নগাঁও,১৪ জুলাই :ৰাজ্যত ব্যক্তিগত খণ্ডৰ হাস্পতালৰ অতপালি বৃদ্ধি পাইছে । অধিক ধনৰ লোভত প্ৰায়ে একাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালে ৰোগীৰ সৈতে হেতালি খেলাৰ অভিযোগ উত্থাপন হয় (Private hospital obstinacy)। এইবাৰ তেনে এক অভিযোগ উত্থাপন হৈছে নগাঁৱৰ মেট্ৰ' হস্পিতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ বিৰুদ্ধে (Serious complaint against Metro Hospital and Research Centre)। নিৰ্মাণকাৰ্য সম্পূৰ্ণ নহঁওতেই চিকিৎসা আৰম্ভ হাস্পতালখন আৰম্ভণিতে বিতৰ্কৰ মাজত সোমাই পৰিছে ।

সংকটজনক ৰোগীক চিকিৎসাৰ নামত অৱহেলা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে হাস্পতালখনৰ বিৰুদ্ধে । চিকিৎসাৰ নামত ৰোগীক ৰামঠগন দিয়াৰো অভিযোগ আনিছে এগৰাকী ৰোগীৰ অভিভাৱকে ।

নগাঁৱত চিকিৎসাৰ নামত ব্যক্তিগত নাৰ্ছিং হোমৰ মইমতালি
উল্লেখ্য যে বুধবাৰে ৰূপহীহাটৰ চাৰিফুল ইছলাম নামৰ লোকজনে তেওঁৰ পত্নী হুচনাৰ খাতুনক ডায়েৰিয়াৰ চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল মেট্ৰ' হস্পিতালত । কিন্তু পত্নী হুচনাৰক চিকিৎসকৰ পৰিৱৰ্তে নাৰ্ছৰ জৰিয়তে চিকিৎসা প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে স্বামীয়ে ।

চিকিৎসাৰ নামত নাৰ্ছে মাত্ৰ এটা বেজী দিয়েই দায়িত্ব সামৰাৰ অভিযোগ কৰিছে স্বামী চাৰিফুল ইছলামে । আনকি চেলাইন দিয়া হৈছিল যদিও ৰোগীগৰাকী শৌচালয়লৈ যাবলগীয়া হোৱাত ৰোগীৰ অভিভাৱকেই খুলি দিবলগীয়া হৈছে চেলাইন । কিন্তু পৰৱৰ্তী সময়ত চিকিৎসক বা নাৰ্চ কোনেও ৰোগীগৰাকীৰ খবৰ নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালে । আনহাতে স্বামীয়ে হাস্পতালখনৰ উৰ্ধতম কৰ্তৃপক্ষক এই কথা অৱগত কৰাত হাস্পতাল কৰ্তৃপক্ষই স্বামী চাৰিফুলক আৰক্ষীৰ জৰিয়তে হাৰাশাস্তি কৰোৱাৰ ভাবুকি দিয়া বুলি অভিযোগ কৰিছে ৰোগীৰ পৰিয়ালৰ লোকে । মেট্ৰ' হস্পিতাল এণ্ড ৰিচাৰ্ছ চেণ্টাৰৰ কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা দেখা গৈছে ।

উল্লেখ্য যে চিকিৎসাৰ দৰে এক পৱিত্ৰ বৃত্তিক কলংকিত কৰি নগাঁৱৰ একাংশ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমে ৰোগীৰ পৰা অধিক হাৰত ধন আদায় লোৱা, চিকিৎসাৰ নামত ৰোগীৰ জীৱনক লৈ ল'ৰা ধেমালী কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে যদিও এইক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসন ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰি আহিছে । সেয়ে চিকিৎসাৰ নামত প্ৰতাৰণাৰে ব্যৱসায় কৰা একাংশ নাৰ্ছিং হোমৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে ।

লগতে পঢ়ক :JE at Sonapur: সোণাপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত তিনি

Last Updated : Jul 14, 2022, 12:29 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details