অসম

assam

Nagaon suicide case : কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে পিতৃ-মাতৃ

নগাঁৱত কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয় পালে এহাল দুৰ্ভগীয়া পিতৃ-মাতৃ । আৰক্ষীৰ হেমাহিৰ বাবেই অভিযুক্ত মুকলি আকাশৰ তলত থকাৰ অভিযোগ । নগাঁও আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ অসন্তুষ্টি পৰিয়ালটোৰ ।

By

Published : Oct 12, 2022, 7:55 PM IST

Published : Oct 12, 2022, 7:55 PM IST

Nagaon suicide case
কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে পিতৃ-মাতৃ

নগাঁও, 11 অক্টোবৰ :নগাঁৱৰ ধিং গেটৰ নবীন নগৰৰ এহাল দুখীয়া দুৰ্ভগীয়া পিতৃ-মাতৃ । নিজ কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি অৱশেষত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় পিতৃ-মাতৃ । নগাঁও চহৰৰ ধিং গেটৰ এই দম্পত্তিৰ কন্যাই বিগত 21 আগষ্টত বাছি লৈছিল আত্মহননৰ পথ (Nagaon suicide case) ।

কিয়নো দুজন যুৱকৰ ব্লেকমেইলিঙৰ বলি হৈছিল যুৱতীগৰাকী ৷ উপায়ন্তৰ হৈ যুৱতীগৰাকীয়ে বাচি লয় আত্মহননৰ পথ ৷ এই অভিযোগ দুৰ্ভগীয়া পিতৃ মাতৃৰ । হয়বৰগাঁৱৰে আমিন আৰু ইছলাম উপাধিৰ দুই যুৱকে যুৱতীগৰাকীৰ অশ্লীল ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল ৷ যাৰ বাবে যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ পথ বাচি লয় ৷

এই অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পিতৃ মাতৃয়ে ।

কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে পিতৃ-মাতৃ

লগতে পঢ়ক :ড্ৰাগছৰ কৰাল গ্ৰাসে আৱৰিছে সমগ্ৰ নগাঁও

ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ । কিন্তু দৰিদ্ৰ পৰিয়ালটোৱে এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে বিগত প্ৰায় দুটা মাহে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰিছে পৰিয়ালটোৱে (Nagaon police allegedly failed to control crime) ।

আনকি হয়বৰগাঁও আৰক্ষীৰ ৰহস্যজনক ভূমিকাৰ বাবেই অভিযুক্ত আজিও মুকলি আকাশৰ তলত থকাৰো অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ । হয়বৰগাঁও আৰক্ষীৰ ভূমিকাত অসন্তুষ্ট হৈ অৱশেষত পৰিয়ালটো উপস্থিত হয় নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ।

কন্যাৰ মৃত্যুৰ ন্যায় বিচাৰি এতিয়া হতাশ হৈ পৰিছে পৰিয়ালটো । নগাঁও আৰক্ষীৰ ওপৰত যেন আস্থাই হেৰুৱাইছে এই পৰিয়ালটোৱে । এতিয়া প্ৰশ্ন হয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতো ন্যায় পাব নে দুৰ্ভগীয়া পৰিয়ালটোৱে ?

উল্লেখ্য যে, বিগত কিছুদিন ধৰি নগাঁৱৰ আইন শৃংখলা অৱনতি ঘটাক লৈ উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সচেতন নাগৰিক ।

লগতে পঢ়ক :অপৰাধ নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও আৰক্ষী !

ABOUT THE AUTHOR

...view details