নগাঁও, 1 জুন: আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নগাঁও আৰক্ষী কঠোৰ হৈছে ড্ৰাগছৰ বিৰুদ্ধে ৷ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান আৰম্ভ নগাঁও আৰক্ষীৰ ৷ নগাঁও আৰক্ষীৰ জালত কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী ৷ জব্দ বহু পৰিমাণৰ নিষিদ্ধ হেৰ'ইন (Nagaon Police Drive Against Drugs) ৷
ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰৰ কাৰ্যকালত নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যথেষ্ট সফলতা লাভ কৰাৰ পিছত নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে লীনা দলেই দায়িত্ব লোৱাৰ পিছৰ পৰাই একপ্ৰকাৰ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছিল নগাঁও ৷ নগাঁৱৰ আলিয়ে-গলিয়ে সুলভ হৈ পৰিছিল বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছ ৷ সেই সময়ত ড্ৰাগছৰ বিৰুদ্ধে বহু বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো ড্ৰাগছৰ বিৰুদ্ধে গা লৰাব পৰা নাছিল নগাঁও আৰক্ষীয়ে (Drugs Paddler Arrested) ৷
অৱশেষত এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ বিতৰ্কত সাঙোৰ খাই লীনা দলে বদলি হোৱাৰ পিছতেই নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰে আৰক্ষী বিষয়া নৱনীত মহন্তই ৷ নৱনীত মহন্তই যোগদান কৰাৰ পিছতেই নগাঁৱত পুনৰ আনন্দ মিশ্ৰৰ কাৰ্যকালৰ দৰেই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও আৰক্ষী ৷ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীপ লাল বৰুৱা, অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াক লগত লৈ নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ পৰিকল্পনা হাতত লৈছে আৰক্ষী অধীক্ষক নৱনীত মহন্তই (Drugs Seized in Nagaon) ৷