অসম

assam

By

Published : Nov 18, 2019, 8:00 PM IST

ETV Bharat / state

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাঁও মহাবিদ্যালয়

নগাঁও মহাবিদ্যালয় চৌহদৰ কাষেদি যিয়েই গৈছে সকলোৱে এপলক ৰৈ ৰৈ চাই গৈছে পৰিভ্ৰমী পক্ষীৰ জলকেলী ৷ মহাবিদ্যালয়খনৰ পুখুৰীত প্ৰত্যেক বছৰৰ দৰে এই বছৰো শীতৰ লগে লগে আগমণ ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ ।

ৰাজ্যত শীতৰ লগে লগে আগমণ ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ

নগাঁও,18 নৱেম্বৰঃজাক জাক পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাঁও মহাবিদ্যালয়ৰ চৌহদ ৷ শীতৰ আগমণৰ লগে লগে বিভিন্ন স্থানৰ পৰা আহিছে জাক জাক পৰিভ্ৰমী পক্ষী ৷ ৰঙ বিৰঙী পক্ষীৰ নান্দনিক দৃশ্যই সকলোকে মোহিত কৰিছে ৷ নগাঁও মহাবিদ্যালয় চৌহদৰ কাষেদি যিয়েই গৈছে সকলোৱে এপলক ৰৈ ৰৈ চাই গৈছে পৰিভ্ৰমী পক্ষীৰ জলকেলী ৷ মহাবিদ্যালয়খনৰ পুখুৰীত প্ৰত্যেক বছৰৰ দৰে এই বছৰো শীতৰ লগে লগে আগমণ ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ । কিন্তু পৰিভ্ৰমী পক্ষীসমূহৰ বাবে দেখা দিছে আন এক বিপদে ৷ উচ্চ প্ৰাবল্যৰ শব্দই পক্ষীৰ জাকক অসুবিধাত পেলাইছে, যাৰবাবে মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী তথা,শিক্ষকসকলে পক্ষীকূল ৰক্ষাৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ ৷ মহাবিদ্যালয়খনলৈ এইবাৰো আহিছে কেবাবিধো পৰিভ্ৰমী পক্ষীৰ জাক ৷ মহাবিদ্যালয়ৰ সমীপৰ পথেৰে যোৱা যান বাহন চালক সকললৈ আহ্বান । মহাবিদ্যালয়ৰ সমীপত গাড়ীৰ হৰ্ণ নবজাবলৈ ৷

পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত নগাঁও মহাবিদ্যালয়

ৰাইজক সজাগ কৰিবৰ বাবে মহাবিদ্যালয় পৰিয়ালে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ৷ পৰিভ্ৰমী পক্ষীসমূহৰ সুৰক্ষাক লৈ চিন্তিত মহাবিদ্যালয় কর্তৃপক্ষ। মহাবিদ্যালয়ৰ সমীপত ফটকা আতচবাজি অথবা যান বাহনৰ হৰ্ণ নবজাবলৈ আহ্বান মহাবিদ্যালয় পৰিয়ালৰ ৷ নগাঁও মহাবিদ্যালয়ৰ এছ পি পি ছাত্ৰী নিবাসৰ পিছফালৰ পুখুৰীত শৰালী হাঁহ,শামুক ভঙা,ডাউক আদি বিভিন্ন প্ৰজাতিৰ চৰাইৰ জলকেলীৰ দৃশ্যই মুহিছে সকলোকে ৷

ABOUT THE AUTHOR

...view details