অসম

assam

নগাঁৱত চিনাক্ত কৰ'ণাত আক্ৰান্ত ব্যক্তি

By

Published : May 18, 2020, 7:07 PM IST

দেওবাৰে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই কোৱাৰেন্টাইন চেন্টাৰটোত ইফতাৰ বিতৰণ কৰিছিল । ইয়াকে লৈ এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । বিদ্যালয়খনৰ সন্মুখেদি কোনো লোক আহিব নোৱাৰাকৈ তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰশাসনে ।

Nagaon COVID 19 patient
নগাঁৱত চিনাক্ত কৰ'ণাত আক্ৰান্ত ব্যক্তি

ৰূপহীহাট,18 মেঃ সমোবাৰে যোৰহাট আৰু নগাঁৱত চিনাক্ত হয় দুজনকৈ কৰ'ণাত আক্ৰান্ত ৰোগী । যোৱা 16 মে'ত চেন্নাইৰ পৰা আহিছিল নগাঁও জিলাৰ ৰূপহীহাটৰ ৰোগীজন । নিশা চাপৰমুখ ৰে'ল ষ্টেচনত নমাৰ পিছত জুৰিয়াৰ কদমনি টাউন হাইস্কুলত কোৱাৰেন্টাইন কৰা হয় । ইয়াৰ পিছতে কোভিড 19 পৰীক্ষাত যুৱকজন কৰ'ণাত আক্ৰান্ত হোৱাৰ কথা ধৰা পৰে ।

নগাঁৱত চিনাক্ত কৰ'ণাত আক্ৰান্ত ব্যক্তি

উল্লেখ্য যে, দেওবাৰে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই কোৱাৰেন্টাইন চেন্টাৰটোত ইফতাৰ বিতৰণ কৰিছিল । ইয়াকে লৈ এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । বিদ্যালয়খনৰ সন্মুখেদি কোনো লোক আহিব নোৱাৰাকৈ তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰশাসনে । ইয়াৰ উপৰিও জুৰিয়া আৰক্ষীয়ে বজাৰৰ লগতে দোকান সমুহো বন্ধ কৰি দিয়ে ।

লগতে পঢ়ক-যোৰহাটত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল

ABOUT THE AUTHOR

...view details