নগাঁও,14 অক্টোবৰঃ তিনিদিনীয়া এক চাঞ্চল্যৰ যৱনীকা । নীলা পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ বিকী কলিতাৰ মৃতদেহ। নীলা পানীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি মৃতদেহ হৈ ঘৰলৈ উভতিল বিকী। নগাঁও জিলাৰ চামগুৰিত থকা এটা হ্ৰদ নীলাপানী। হ্ৰদৰ পানী নীলা হোৱা বাবেই নাম নীলাপানী হ্ৰদ। এক পৰ্যটনস্থলী এই নীলা পানী যেন আজি অভিশপ্ত। নীলাপানী হ্ৰদৰ সৌন্দৰ্য্য উপভোগ কৰিবলৈ ৮ জনকৈ বন্ধুৰ সৈতে দেওবাৰে উপস্থিত হৈছিল গুৱাহাটী বামুনীমৈদামৰ বিকী কলিতা নামৰ এজন যুৱক। তেনে সময়তে সংঘটিত হৈছিল দুৰ্ভাগ্যজনক ঘটনাটো।
চামগুৰিৰ অভিশপ্ত এই নিলাপানীৰ ১৫০ ফুট গভীৰ হ্ৰদত সাঁতুৰিবলৈ চেষ্টা কৰি হঠাৎ সন্ধানহীন হৈ পৰিছিল বিকী কলিতা । লগে লগে এক হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিলে ৮ জনকৈ বন্ধুৰ মাজত। ঘটনাক লৈ সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ। উপস্থিত হৈছিলহি বিকীৰ আত্মীয়। SDRF বাহিনীয়ে আৰম্ভ কৰিছিল অভিযান। কিন্তু কোনো শুং সূত্ৰ নাপায় অভিশপ্ত নিলাপানী হ্ৰদৰ পাৰত আত্মীয়ই কৰিছিল পূজা অৰ্চনা।