কলিয়াবৰ,৭ ফেব্ৰুৱাৰী:যোৱা দেওবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ভড়ালী নামঘৰত পালন কৰা মাঘী পূৰ্ণিমা কাৰ্যসূচীৰ সোমবাৰে নিশা সামৰণি পৰে (Maghi purnima observed at bharali namghar)। অন্তিম দিনা প্ৰদৰ্শন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টি ভাওনা ৷ গোলাঘাটৰ এক ভাওনা দলে প্ৰদৰ্শন কৰা নৃসিংহ মূৰাৰী ভাওনাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰে ৷ কলিয়াবৰৰ লগতে ভড়ালী গাঁৱৰ লোকসকলৰ উপৰি ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগমৰে এই মাঘী পূৰ্ণিমাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় (Bhaona performed in Kaliabor) ।
প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষতো দুদিনীয়া কাৰ্যসূচীৰে কলিয়াবৰৰ ভড়ালী নামঘৰত পালন কৰা হয় মাঘী পূৰ্ণিমা (Maghi purnima at Bharali Namghar)। দেওবাৰৰ পৰা পালন হোৱা এই উৎসৱৰ শেষৰ দিনটোত কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভড়ালী নামঘৰত নিশা গোলাঘাটৰ অৱতাৰ নাট্যগোষ্ঠীয়ে প্ৰদৰ্শন কৰে 'নৃসিংহ অৱতাৰ' নামৰ ভাওনাখন (Narasimha Avatar Bhaona performed in Kaliabor)। কলিয়াবৰত প্ৰচলিত গুৰুজনাৰ অঙ্কীয়া শৈলীৰ ব্ৰজাৱলী ভাষাৰ বিপৰীতে কথিত অসমীয়াত পৰিৱেশন কৰে এই ভাওনাখন । এই ভাওনাখন শ শ লোকে উপভোগ কৰে । এই দুয়োদিনতেই নাম-প্ৰসংগ, ভক্তি আৰাধনাৰে মুখৰিত হৈ পৰে ঐতিহাসিক নামঘৰটো ।