জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন
জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বৰঘূলীৰ খহনীয়া পীড়িত অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়া পীড়িত 341 টা পৰিয়ালৰ 2788 জন লোকক পুনৰ সংস্থাপন আৰু ক্ষতিপুৰণৰ কাম খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷
কলিয়াবৰ, 2 আগষ্টঃশুকুৰবাৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বৰঘূলীৰ খহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়াত আক্ৰান্ত 341 টা পৰিয়ালৰ 2788 জন লোকক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণৰ কাম খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ইতিমধ্যে ৰাজহ বিভাগে খহনীয়া পীড়িতৰ তালিকা প্ৰস্তুত কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইয়াৰোপৰি বিদ্যালয়সমূহত থকা অস্থায়ী শিবিৰসমূহ স্থানান্তৰিত কৰাৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনক যাৱতীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়ে যাতে গৰম বন্ধৰ পিছত শিবিৰৰ বাবে বিদ্যালয়সমূহৰ পাঠদান সোনকালে আৰম্ভ কৰিব পৰা যায় ৷ মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি তথা বিভাগীয় বিষয়াবৰ্গ ৷