চামগুৰি, 21মে':নগাঁৱত উন্নয়নৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে নগাঁও জিলা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ৷ বিভাগটোৰ অন্তৰ্গত ‘মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযান গ্ৰাম্য আন্তঃগাঠনি উন্নয়ন পুঁজি’ৰ দলং নিৰ্মাণত ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কিয়নো নগাঁও চহৰৰ সমীপৰ চিলঙনীৰ নগাঁও-ধিং পথৰ পৰা উত্তৰ শিমলুগুৰিলৈ যোৱা পথৰ ওপৰত নিৰ্মিত পকী দলংখন নিৰ্মাণৰ এমাহৰ পাচতে দুয়োকাষ খহি যোৱাৰ লগতে দলংখনৰ মাজত মেলিছে বৃহৎ ফাট ৷
ৰাইজৰ অভিযোগ নৱ নিৰ্মিত পকী দলংখন বিসংগতি পূৰ্ণভাবে নিৰ্মাণ কৰাৰ ফলতেই দলঙৰ দুয়ো পাৰে সংযোগী পথচোৱা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতেই ফাট মেলাৰ লগতে চপৰা চপৰে খহিবলৈ ধৰিছে। আনকি, দলঙৰ নৈপৰীয়া অংশত সংস্থাপন কৰা বল্ডাৰ পিচিং আৰু পথৰ দুয়ো কাষৰ গাৰ্ড প'ষ্ট সমূহো হাউলি যোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷